৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশত অনিশ্চয়তা
৮০ লাখ লোকৰ পুনৰীক্ষণ সম্পূৰ্ণ হৈছে : হাজেলা
খচৰাত অন্তৰ্ভুক্ত হৈছে লাখ লাখ অবৈধ বিদেশী : ছলিছিটৰ জেনেৰেল
এন আৰ চি প্ৰকাশৰ সদিচ্ছা নাই চৰকাৰৰ : আমছু
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ জুলাই : বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ চৰম অনিশ্চয়তাই দেখা দিছে। পূৰ্বে নিৰ্ধাৰণ কৰা সময় অনুসৰি ৩১ জুলাইত চূড়ান্ত এন আৰ চিৰ তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা একপ্ৰকাৰ ক্ষীণ হৈ পৰিছে। আজি এন আৰ চিৰ শুনানিত একপ্ৰকাৰ এই কথা স্পষ্ট হৈ পৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিবলৈ আৰু অতিৰিক্ত এমাহৰ সময়সীমা বৃদ্ধিৰ আৰ্জি দিছে। এন আৰ চি প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰিব নে নাই সেই সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে কোনো ধৰণৰ সিদ্ধান্তৰ কথা ঘোষণা নকৰে আৰু পৰৱৰ্তী শুনানি ২৩ জুলাইত সকলো পক্ষৰ যুক্তি শুনি চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰিব বুলি উল্লেখ কৰে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিণ্টন ফলি নৰীমনৰ বিচাৰপীঠত আজি এন আৰ চিৰ নথি-পত্ৰ পুনৰীক্ষণ আৰু সময়সীমা বৃদ্ধি সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সীমান্তৱৰ্তী জিলাসমূহত খচৰাত অন্তৰ্ভুক্ত ২০ শতাংশ আৰু আন জিলাসমূহত ১০ শতাংশ লোকৰ নথি-পত্ৰ পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰিছিল। উক্ত আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিণ্টন ফলি নৰীমনৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি সিদ্ধান্ত দিয়াৰ পৰা বিৰত থাকে আৰু পৰৱৰ্তী এক দিন ধাৰ্য কৰে।
আজিৰ শুনানিৰ সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হৈ ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই এন আৰ চিৰ খচৰা তালিকাত লাখ লাখ অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰি বাংলাদেশৰ সীমামূৰীয়া অসমৰ জিলাসমূহত ২০ শতাংশ আৰু বাকী জিলাসমূহত দহ শতাংশ পুনৰীক্ষণ কৰিবলৈ আদালতক অনুৰোধ জনায়। একেদৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যোৱা ১০ জুলাই আৰু ১৮ জুলাইত উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত এই বুলিও উল্লেখ কৰে যে দাবী-আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াৰ প্ৰায় ৮০ লাখ লোকৰ, অৰ্থাৎ মুঠ আবেদনৰ প্ৰায় ২৭ শতাংশ লোকৰ পুনৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে। নতুনকৈ পুনৰীক্ষণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি আদালতত উল্লেখ কৰে হাজেলাই।
একেদৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কিছু আভ্যন্তৰীণ কাৰ্যালয়ৰ কাম সমাধা তথা বানপানীৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ৩১ জুলাইৰ ঠাইত ৩১ আগষ্টত পূৰ্ণাংগ এন আৰ চি প্ৰকাশৰ অনুমতি দিব লাগে বুলি আদালতক অৱগত কৰে। আমছু আৰু মৌলানা চৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়তৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল সিববালে আমছু আৰু জমিয়তৰ মতামত শুনিবলৈ আদালতক অনুৰোধ জনোৱাৰ লগতে দুয়োটা সংগঠনে দাখিল কৰা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱাত পৰৱৰ্তী তাৰিখত শুনানি গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৰঞ্জন গগৈয়ে।
আদালতে সকলো পক্ষৰ যুক্তি শুনি ২৩ জুলাইত পুনৰীক্ষণ দিয়া-নিদিয়া তথা এন আৰ চি প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰা বা নকৰা সন্দৰ্ভত সিদ্ধান্ত দিব বুলি ৰায় প্ৰদান কৰে। পৰৱৰ্তী শুনানিত সকলো পক্ষৰ যুক্তি শুনি চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰা হ’ব। যি কি নহওক, ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিক লৈ এতিয়া চৰম অনিশ্চয়তাই গা কৰি উঠিছে। চৰকাৰৰ সমান্তৰালকৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলায়ো ৩১ আগষ্টলৈকে সময়সীমা বৃদ্ধিৰ বাবে আৰ্জি দিছে। এই সন্দৰ্ভত আমছু আৰু জমিয়তৰ নেতৃত্বই মত প্ৰকাশ কৰি কয় যে অসমীয়া জাতিৰ বহু আকাংক্ষিত এন আৰ চি প্ৰকাশৰ অন্তিম সময়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ২০ শতাংশ পুনৰীক্ষণ বিচাৰি আবেদন দাখিল কৰি প্ৰকৃততে এন আৰ চি প্ৰকাশত যে দুয়োখন চৰকাৰৰ সদিচ্ছা নাই সেয়া পুনৰ প্ৰমাণ কৰিলে।
এক কঠোৰ বৈজ্ঞানিক পদ্ধতিৰে নথি-পত্ৰ পৰীক্ষণ কৰাৰ লগতে ৬য৭ তৰফৰ পুনৰীক্ষণৰ অন্তত এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিছে। বক্ৰপথেৰে কোনো অবৈধ বিদেশীৰ নাম যাতে অন্তৰ্ভুক্ত নহয় সেয়া সুনিশ্চিত কৰিবলৈ এছ অ’ পিৰ পৰিশিষ্ট ক্লজ ৪(৩)ৰ অধীনত সমূহ আবেদন পুনৰীক্ষণ কৰি শেহতীয়াকৈ যোৱা ২৬ জুনত ১,০২,৪৬২জন লোকক অন্তৰ্ভুক্ত কৰি কৰ্তন খচৰা তালিকা প্ৰকাশ কৰা হৈছে। গতিকে একেখনি আবেদন, অৰ্থাৎ একেখিনি লোকক পুনৰ পুনৰীক্ষণ কৰা মানে অযথা শাৰীৰিক-মানসিক আৰু আৰ্থিক নিৰ্যাতনৰ লগতে চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মূল্যৱান সময়ৰ অপব্যৱহাৰ।
আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে এই সন্দৰ্ভত আৰু কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আৰু কিছু চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা জনভিত্তিহীন সংগঠনে ২০ শতাংশ পুনৰীক্ষণ বিচাৰি আবেদন দাখিল কৰি আচলতে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হৈ থকা সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটোতে সন্দেহৰ বীজ ৰোপণ কৰিব বিচাৰিছে। এখন শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাৰ পিছতো যাতে অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি বক্তব্য ৰাখি পৰৱৰ্তী কালত ৰাজনীতি কৰিব পাৰে তাৰেই ই এক কুটিল ষড়যন্ত্ৰ। এন আৰ চিৰ সম্পূৰ্ণ খচৰা তালিকা প্ৰকাশৰ প্ৰায় এবছৰ পিছত ২০ শতাংশ পুনৰীক্ষণ নিবিচাৰি অবৈধ বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য থাকিলে কিয় আপত্তি প্ৰক্ৰিয়াত আপত্তি আবেদন দাখিল কৰা নাছিল বুলি প্ৰশ্ন কৰে ৰহমানে।
কাৰোবাৰ হাতত অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য থাকিলে কতৃÇপক্ষক অৱগত কৰি কৰ্তন কৰাৰ ব্যৱস্থা কিয় নকৰে· আপত্তি আবেদন দাখিল কৰাৰ নামত আপত্তিকাৰীসকলে ইতিমধ্যে কি পৰিৱেশৰ সৃষ্টি কৰিছিল সেয়া সম্ভৱতঃ কোনেও পাহৰা নাই। সেয়ে পুনৰ পুনৰীক্ষণৰ দাবী কেৱল এন আৰ চি প্ৰকাশৰ সময় বিলম্বিত কৰাৰ বাহিৰে আন একো নহয়। এন আৰ চি প্ৰকাশ হ’লে বিদেশী সমস্যা প্ৰায় সমাধান হোৱাৰ পথ প্ৰশস্ত হোৱাৰ সম্ভাৱনা থকাত বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰ আৰু চৰকাৰী পৃষ্ঠপোষকতাত চলা কিছু সংগঠনে শেহতীয়াকৈ এনে কুটিল ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে আজিজুৰ ৰহমানে। তেওঁ লগতে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কিছু সংগঠনে এন আৰ চিৰ পুনৰীক্ষণৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধাৰণ হাৰাশাস্তি হোৱাটো কামনা কৰে।
ইতিমধ্যে প্ৰায় ৪০জন লোকে এন আৰ চিৰ মানসিক হেঁচা সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছে। গতিকে নিৰ্বিচাৰে পুনৰ ২০ শতাংশ পুনৰীক্ষণ হ’লে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধাৰণে যে পুনৰ যমৰ যাতনা সহ্য কৰিব লাগিব সেয়া অৱধাৰিত। আমছু আৰু মৌলানা আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়তে এই পুনৰীক্ষণৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে। অবৈধ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ স্বাৰ্থত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো ৰাজনৈতিক ষড়যন্ত্ৰ ওফৰাই কোনো লোকে পুনৰ অযথা হাৰাশাস্তিৰ সন্মুখীন নোহোৱাকৈ ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ শুদ্ধ নথি জমা দিয়া সকলো অসমবাসী ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান কোনো অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত নকৰাকৈ এন আৰ চি প্ৰকাশ কৰিব বুলি ন্যায়ালয়ৰ প্ৰতি আস্থা প্ৰকাশ কৰে সংগঠনদ্বয়ে।
পৰৱৰ্তী শুনানিত আমছু আৰু জমিয়তৰ বক্তব্য উচ্চতম ন্যায়ালয়ত পৃথকে পৃথকে দাখিল কৰিব। ইপিনে ন্যায়ালয়ৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আজি এক বিবৃতিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰতি অসমৰ ৰাইজৰ আৰু আছুৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। ন্যায়ালয়ৰ তদাৰকৰ বাবেহে এন আৰ চিৰ কাম আগবাঢ়ি আছে। উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা প্ৰক্ৰিয়াৰ পিছত অবৈধ বাংলাদেশীৰ নামমুক্ত এখন এন আৰ চি পাম বুলি আশা প্ৰকাশ কৰিছে।
( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )
The post ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশত অনিশ্চয়তা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2O7DhEx
via IFTTT

Comments
Post a Comment