ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা



গুৱাহাটী,  ১১  জুলাই : ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে যদিও হাস্পতালত জটিল অৱস্থাত চিকিৎসাধীন ৰোগীসকলক লৈ চৰকাৰ উদ্বিগ্ন বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। লগতে তেওঁ কয় সম্প্ৰতি ১৪০ গৰাকী জেই-এইছ ৰোগী হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে ১০৩ গৰাকী চৰকাৰী চিকিৎসালয়ত আৰু ৩৭ গৰাকী ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি অবগত কৰে। আনহাতে এই ১৪০ গৰাকী ৰোগীৰ ৪০ গৰাকী আই চি ইউত থকাৰ বিপৰীতে ১০ গৰাকীক ভেন্টিলেটৰ ব্যৱস্থাৰে আই চি ইউত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু আক্ৰান্তসকলক চিকিৎসকসকলে যথাসম্ভৱ সকলোধৰণৰ উন্নত চিকিৎসা প্ৰদান কৰি আছে বুলি জানিবলৈ দিয়ে।

The post ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/32lT1qH
via IFTTT

Comments