ইতিহাস গঢ়াৰ লক্ষ্যৰে ১৫ জুলাইত উত্ক্ষেপণ কৰা হ’ব চন্দ্ৰযান-২

ডিজিটেল সংবাদঃ ১৫ জুলাইত উত্ক্ষেপণ কৰা হ’ব চন্দ্ৰযান-২।‘বাহুবলী’ক কক্ষপথত উত্ক্ষেপণৰ বাবে এতিয়া চলোৱা হৈছে অন্তিম প্ৰস্তুতি। সেইদৰে শনিবাৰে অভিযানৰ অন্তিম নিৰীক্ষণ কৰিব ISRO-এ। অহা ১৫ জুলাই অৰ্থাৎ সোমবাৰে পুৱা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ২.৫১ বজাত উত্ক্ষেপণ কৰা হ’ব চন্দ্ৰযান-২।
শ্ৰীহৰিকোটাত ৰাষ্ট্ৰপতিও উপস্থিত থকাৰ সম্ভাৱনা আছে। ২.৪ টন ওজনৰ GSLV Mk III ৰকেটে কঢ়িয়াই নিব চন্দ্ৰযান–২ক। লগতে ২৭ কেজি ওজনৰ প্ৰজ্ঞান নামৰ এটা ৰভাৰ থাকিব। তাৰ সমান্তৰাল ভাবে চন্দ্ৰযান-২ত থাকিব লুনাৰ অৰবিটাৰ, লেণ্ডাৰ আৰু কেমেৰা, চিস্ম’মিটাৰ, থাৰ্মেল ইনষ্ট্ৰুমেণ্টো থাকিব।
নাছাৰ লেজাৰ ৰেট্ৰ’ফ্লেক্টৰো থাকিব চন্দ্ৰযান-২ত।৬-৭ ছেপ্টেম্বৰত চন্দ্ৰৰ কক্ষপথত অৱতৰণৰ সম্ভাৱনা আছে। ৬০৩ কোটি টকা ব্যয় কৰা এই অভিযানে চন্দ্ৰত পানীৰ অৱস্থিতি সন্দৰ্ভত অভিযান চলাব। ইয়াৰ আগতে ২০০৮ৰ ২২ অক্টোবৰত উত্ক্ষেপণ কৰা হৈছিল চন্দ্ৰযান। ২০১৩ৰ ৫ নৱেম্বৰত মঙল অভিযানৰ শুভাৰম্ভ হৈছিল। ২০২২ত চন্দ্ৰলৈ মাৱনযান প্ৰেৰণৰ লক্ষ্য ভাৰতৰ। সফলভাৱে উত্ক্ষেপণ হ’লে ভাৰতে অৰ্জন কৰিব কৃতিত্ব।
The post ইতিহাস গঢ়াৰ লক্ষ্যৰে ১৫ জুলাইত উত্ক্ষেপণ কৰা হ’ব চন্দ্ৰযান-২ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/32nCdPT
via IFTTT
Comments
Post a Comment