যোগীঘোপাত ৯ বছৰীয়া কিশোৰীক ‘ঘোষিত বিদেশী’ বুলি জাননী, তীব্ৰ চাঞ্চল্য
গণ বাৰ্তা, যোগীঘোপা, ১১ জুলাই : ৰাজ্যত মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তথা এন আৰ চি উন্নীতকৰণৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে বঙাইগাঁও জিলাত এন আৰ চি কৰ্তৃপক্ষই নাভূত-নাশ্ৰুত কাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে । জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপাৰ পূব মাজেৰ আলগা গাঁও পঞ্চায়তৰ এগৰাকী ৯ বছৰীয়া কিশোৰী তথা তৃতীয় শ্ৰেণীৰ ছাত্ৰীক এন আৰ চি কৰ্তৃপক্ষই ঘোষিত বিদেশী বুলি জাননী প্ৰেৰণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে যোগীঘোপাৰ পূব মাজেৰ আলগা পঞ্চায়তৰ অন্তৰ্গত ঈশ্বৰঝাৰী প্ৰথম খণ্ড গাঁৱৰ নুৰ হুছেইনৰ কন্যা ছফিয়া খাতুনক এন আৰ চি কৰ্তৃপক্ষই ঘোষিত বিদেশী বুলি জাননী প্ৰেৰণ কৰে । যোৱা ২৬ জুনত প্ৰকাশ পোৱা অতিৰিক্ত কৰ্তন তালিকাত কিশোৰীগৰাকীৰ নাম প্ৰকাশ পাইছে । কিশোৰীগৰাকী ঘোষিত বিদেশী বুলি যোৱা ২৯ জুনত জাননী প্ৰেৰণ কৰিছে । এন আৰ চি কৰ্তৃপক্ষই জাননীখনত স্পষ্টভাৱে কিশোৰীগৰাকী ঘোষিত বিদেশী বুলি উল্লেখ কৰিছে। কিশোৰীগৰাকীয়ে পৰিয়ালে দাবী কৰা মতে পৰিয়ালত কোনো লোকৰ নামত কোনো বিদেশীৰ জাননী অহা নাই । আনকি পৰিয়ালটোত কোনো লোক ডি-ভোটাৰো নহয়। কিশোৰীগৰাকীৰ ককাদেউতাৰ নামত থকা এন আৰ চিৰ লিগেচীৰ ভিত্তিত পিতৃৰ লগতে পৰিয়ালৰ সমূহ সদস্য আৰু ভুক্তভোগী কিশোৰীগৰাকীৰ নাম প্ৰথম আৰু চূড়ান্ত খচৰাত প্ৰকাশ পাইছে ।
কিন্তু অলপতে প্ৰকাশ পোৱা অতিৰিক্ত কৰ্তন তালিকাত কিশোৰীগৰাকীক ঘোষিত বিদেশী বুলি দাবী কৰি খচৰাৰ পৰা কিশোৰীগৰাকীৰ নামটো কৰ্তন কৰিছে এন আৰ চি কৰ্তৃপক্ষই । যোৱা ৫ জুলাইত পৰিয়ালটোৱে কিশোৰীগৰাকীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ বাবে পুনৰায় আবেদন দাখিল কৰি শুনানিত অংশগ্ৰহণ কৰিছে । হঠাৎ কিশোৰীগৰাকীক এন আৰ চি কৰ্তৃপক্ষই বিদেশী বুলি ঘোষণা কৰি নাম কৰ্তনেৰে জাননী প্ৰেৰণ কৰাত পৰিয়ালটোৰ মূৰত আকাশ ভাগি পৰিছে । ঘটনাটোক লৈ পৰিয়ালটো শংকিত হৈ পৰিছে । সচেতন মহলে ঘটনাটো সহজভাৱে লোৱা নাই ।
ঘটনাটোক লৈ সচেতন মহলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে। কিশোৰীগৰাকীক কোনখন বিদেশী ন্যায়াধিকৰণে কেতিয়া বিদেশী বুলি ৰায় প্ৰদান কৰিলে, কিমান নম্বৰৰ গোচৰৰ ভিত্তিত কোন বিদেশী ন্যায়াধিকৰণত কিশোৰীগৰাকীৰ বিৰুদ্ধে গোচৰ চলিছিল— এই প্ৰশ্নসমূহৰ উত্তৰ জিলা প্ৰশাসনৰ হাতত আছেনে · এন আৰ চি কৰ্তৃপক্ষই সম্পূৰ্ণ নিজাববীয়াকৈ কিশোৰীগৰাকীক বিদেশী সজালে নেকি বুলি এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। সংখ্যালঘু পৰিয়ালৰ কিশোৰী বুলিয়েই এনেদৰে পৰিয়ালটোক আৰ্থিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে নেকি বুলি ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে।
( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )
The post যোগীঘোপাত ৯ বছৰীয়া কিশোৰীক ‘ঘোষিত বিদেশী’ বুলি জাননী, তীব্ৰ চাঞ্চল্য appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2G6yRqT
via IFTTT

Comments
Post a Comment