চৰকাৰৰ উদ্ধাৰকাৰ্য আৰু সাহায্য ক্ষিপ্ৰ কৰাৰ দাবী ছাত্ৰ সন্থাৰ
আছুৰ সকলো গোটলৈ জৰুৰী আহবান

গুৱাহাটী, ১৪ জুলাই ঃসমগ্ৰ অসমত বান আৰু গৰাখহনীয়াই ৰাজ্যখনৰ জনসাধাৰণৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছে। নিতৌ ন-ন অঞ্চল প্ৰলয়ংকৰী বানৰ কবলত পৰি জনজীৱনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঠায়ে ঠায়ে বানপীড়িত জনগণে সাহায্যৰ পৰা বঞ্চিত হৈছে। চৰকাৰক উদ্ধাৰকাৰ্য আৰু পৰ্যাপ্ত সাহায্যৰ ব্যৱস্থা খৰতকীয়া কৰাৰ বাবে ছাত্ৰ সন্থাই দাবী জনাইছে। সমগ্ৰ অসমত বান আৰু গৰাখহনীয়াত আক্ৰান্ত ৰাইজক সকাহ দিবলৈ ইতিমধ্যে আৰম্ভ কৰা কাৰ্যব্যৱস্থা অব্যাহত ৰাখি আক্ৰান্ত ৰাইজৰ ওচৰত সাৰথি হৈ সেৱা আগবঢ়াই যাবলৈ সদৌ অসম ছাত্ৰ সন্থাই সন্থাৰ সকলো গোটলৈ জৰুৰী আহবান জনাইছে।
বান আৰু গৰাখহনীয়াত আক্ৰান্ত ৰাইজক উদ্ধাৰ আৰু আক্ৰান্ত ৰাইজক সহায়, চিকিৎসা সেৱা, শিশুৰ খাদ্য যোগান, পশুধনৰ উদ্ধাৰ আৰু চিকিৎসাৰ তৎকালীন ব্যৱস্থা ল’বলৈ ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়— বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান নকৰাৰ বাবে অসমৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। কংগ্ৰেছ দলৰ চৰকাৰৰ পিছত বিজেপি দলৰ চৰকাৰেও কেৱল ফাঁকিৰ আশ্ৰয় লৈ আহিছে। অসমৰ সম্পদৰ প্ৰতিহে দিল্লীৰ চকু, অসমৰ সমস্যাৰ প্ৰতি, সমস্যাসমূহৰ স্থায়ী সমাধানৰ প্ৰতি অকণো আন্তৰিকতা নাই।
আনহাতে, দিল্লী-দিছপুৰত একে দলৰ চৰকাৰ থকাৰ পিছতো অসমৰ স্বাৰ্থত অসম চৰকাৰে বলিষ্ঠ আৰু সাহসী পদক্ষেপ গ্ৰহণত ব্যৰ্থ হৈছে। দিল্লী, দিছপুৰৰ কেৱল আহবান আৰু প্ৰতিশ্ৰুতিৰে অসমৰ বান, গৰাখহনীয়া সমস্যাৰ সমাধান নহয়, ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান কৰিলেহে ৰাইজ আশ্বস্ত হ’ব।
( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )
The post চৰকাৰৰ উদ্ধাৰকাৰ্য আৰু সাহায্য ক্ষিপ্ৰ কৰাৰ দাবী ছাত্ৰ সন্থাৰ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2JK7Zho
via IFTTT

Comments
Post a Comment