নাজিৰাত অ’ এন জি চি আৰু মহকুমা প্ৰশাসনৰ উদ্যোগত পৰ্যটন উদ্যান মুকলি

ডিজিটেল সংবাদ, নাজিৰাঃ নাজিৰাত অ’এন জি চি ৰ উদ্যোগত আৰু মহকুমা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক বৰবৰুৱা পুখুৰী পৰ্যটনস্থলীৰুপে মুকলিৰ লগতে বৰবৰুৱা উদ্যান মুকলি কৰে অ’ এন জি চি অসম এছেটৰ মূখ্য কাৰ্যবাহী প্ৰৱন্ধক এছ ডি মাস্কেই৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপা, অ’এন জি চিৰ বিশেষ বিভাগৰ বিষয়া সঞ্জয় গোৱেলক, কাৰ্যবাহী দণ্ডাধীশ অদিতি বৰ্মনকে ধৰি নাজিৰাৰ সাংবাদিকসকল আৰু বহু গণ্য-মান্য ব্যক্তিসকল ৷ উক্ত উদ্যানখনৰ লগতে বৰবৰুৱা পুখুৰীত স্থাপন কৰা লোহাৰ দলংখনে পৰ্যটকসকলৰ বাবে নিশ্চিতভাৱে এক সুন্দৰ অনুভৱ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে ৷
The post নাজিৰাত অ’ এন জি চি আৰু মহকুমা প্ৰশাসনৰ উদ্যোগত পৰ্যটন উদ্যান মুকলি appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/32yD5S6
via IFTTT
Comments
Post a Comment