১০জন কুখ্যাত অপৰাধী বিচাৰি মুখ্যমন্ত্ৰী আদিত্যনাথৰ অভিযান….

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত হত্যা, ধৰ্ষণ, লুণ্ঠনৰ দৰে ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ আইন ব্যৱস্থাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে যোগী আদিত্যনাথ চৰকাৰে। বিগত কিছু দিনৰ ভিতৰত উত্তৰ প্ৰদেশ আৰক্ষীয়ে এনে অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। বিশেষকৈ এজন শিশু ধৰ্ষণকাৰী অপৰাধীক ৰাজপথত দৌৰাই দৌৰাই গুলীৰে থকা সৰকা কৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেশৰ ইতিহাসতে নজিৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ এইবাৰ কুখ্যাত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সুবেৰ সকলো থানাক ১০ জন দাগী আৰু কুখ্যাত অপৰাধীৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। হত্যা, ধৰ্ষণ, অবৈধ ব্যৱসায় আদিৰে জড়িত এই কুখ্যাত অপৰাধীকেইজনক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বাবেই এই নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে।

আনহাতে মুখ্যমন্ত্ৰী আদিত্যনাথে দেওবাৰে পশ্চিম উত্তৰ প্ৰদেশ চি এম এমৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰশাসনে অপৰাধীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰ্দেশ দিয়ে। যাতে প্ৰশাসনৰ এনে পদক্ষেপৰ বিষয়ে জানিব পাৰি অন্য অপৰাধীয়ে অপৰাধ সংঘটিত কৰিবলৈ ভয় কৰে, তাৰ বাবে এনে কৰিবলৈ কৈছে আদিত্যনাথে। লগতে অপৰাধীৰ বিৰুদ্ধে তথ্য প্ৰমাণ যুগুতোৱাৰ খাতিৰত আৰক্ষীক তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ লগতে সাধাৰণ জনতাৰ সৈতে সম্পৰ্ক স্থাপন কৰি আগবাঢ়িবলৈও পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে।

The post ১০জন কুখ্যাত অপৰাধী বিচাৰি মুখ্যমন্ত্ৰী আদিত্যনাথৰ অভিযান…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/321JlBt
via IFTTT

Comments