উন্নয়নৰ তালিকাত দেশৰ ২৯ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৭

ডিজিটেল ডেস্কঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে অসমত শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত বিগত ৩ বছৰত কিমান উন্নয়ন সাধন হ’ল? এয়া এতিয়া এটা ডাঙৰ প্ৰশ্ন। মন্ত্ৰী আমোলা সকলে উন্নয়নৰ ফটা ঢোল কোবালেও শেহতীয়াকৈ নীতি আয়োগৰ প্ৰতিবেদনে উদঙালে ৰাজ্যৰ উন্নয়নৰ ফোপোলা স্বৰূপ।

ৰাজ্যৰ উন্নয়নৰ পৰিস্থিতি ইমানেই নিৰাশজনক হৈছে যে উন্নয়নৰ ক্ষেত্ৰত দেশৰ ২৯ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে ২৭। নিটি আয়োগে প্ৰস্তুত কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ তাালিকাত ৰাজ্যসমূহক দিয়া স্থানত অসম এনেদৰে পিছপৰি থকাটো ওলাই পৰিছে। বিভিন্ন ক্ষেত্ৰত অসমে দেখুৱওৱা পাৰদৰ্শিতা মুঠেই সন্তুোষজনক নহয়। এই তালিকাত কেৱল বিহাৰ আৰু উত্তৰ প্ৰদেশতকৈ ওপৰত আছে অসম।

সেইমতে ৬৯ নম্বৰ লাভেৰে প্ৰথম স্থানত আছে হিমাচল। দ্বিতীয়ত আছে কেৰালা আৰু তৃতীয় স্থানত তামিলনাডু। ঠিক তেনেদৰে চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰামে এই তালিকাত ৫৯ নম্বৰ লাভেৰে ১২ আৰু ১৩ সংখ্যক স্থান অধিকাৰ কৰিছে। উল্লেখযোগ্য যে এই তালিকা প্ৰস্তুত কৰাৰ সময়ত নিটি আয়োগে স্বাস্থ্য, দৰিদ্ৰতা নিৰ্মূলকৰণ, শক্তি, শিক্ষা, লিংগবৈষম্য,অনাময় ব্যৱস্থা, পানী যোগান, অৰ্থনীতি বিকাশ আদি বিষয় সমূহত গুৰুত্ব প্ৰদান কৰিছিল।

The post উন্নয়নৰ তালিকাত দেশৰ ২৯ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৭ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NoK3oX
via IFTTT

Comments