২০২০ চনৰ ভিতৰত ৰাজ্যবাসীয়ে ঘৰে ঘৰে পাব গেছ
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম সচিবালয়ত আজি নগৰ পাইপ গেছ যোগান প্ৰকল্পৰ এক চুক্তিপত্ৰ স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হয়। চুক্তিপত্ৰ স্বাক্ষৰ অনুষ্ঠানত অসম গেছ কো: লিমিটেড, অইল ইণ্ডিয়া লিমিটেড, গেইল গেছ লিমিটেডৰ প্ৰতিনিধিসকল উপস্থিত থাকে। উক্ত কোম্পানীকেইটাৰ লগত চুক্তি স্বাক্ষৰ কৰিছে ৰাজ্য চৰকাৰে।
অনুষ্ঠানত নেচনেল গেছ গ্ৰীড পাইপ লাইন অসমলৈকে বিস্তৃত কৰাৰ চুক্তি কৰে। বিহাৰৰ বাৰাউনীৰ পৰা স্পাৰ লাইনৰ জড়িয়তে গুৱাহাটীলৈ সম্প্ৰসাৰিত হ’ব এই প্ৰকল্প। ২০২০ চনৰ ভিতৰত ঘৰে ঘৰে গেছ পাব নাগৰিকে। নেচনেল গেছ গ্ৰীডৰ এই সংযোগে অসমৰ উদ্যোগ খণ্ড, শক্তি উৎপাদন খণ্ড, চিএনজি খণ্ডত উন্নয়ন সাধন কৰিব। প্ৰথম পৰ্যায়ত পাঁচখন জিলাত ঘৰুৱা আৰু বাণিজ্যিক ক্ষেত্ৰত প্ৰাকৃতিক গেছ যোগান ধৰা হ’ব।
কামৰূপ(গ্ৰাম্য), কামৰূপ (মহানগৰ), কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত যোগান ধৰা হ’ব এই প্ৰাকৃতিক গেছ। এই পাঁচখন জিলাত ৪১৬ টা পৰিয়ালক প্ৰাকৃতিক গেছ যোগান ধৰা হ’ব। ইয়াৰ বাবে ১৭০০ কোটি টকা ব্যয় হ’ব। পাঁচখন জিলাত ৭২ টা চিএনজি ষ্টেচন স্থাপন হ’ব।
The post ২০২০ চনৰ ভিতৰত ৰাজ্যবাসীয়ে ঘৰে ঘৰে পাব গেছ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2JAuJAH
via IFTTT

Comments
Post a Comment