১৮ জুলাইৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন
দিছপুৰ : চতুৰ্দশ অসম বিধানসভাৰ ২০১৯ বৰ্ষৰ গ্ৰীষ্মকালীন অধিৱেশন অহা ১৮ জুলাইৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হ’ব। ১৮ জুলাই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা কৰিব। অধ্যাদেশ, প্ৰতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল। ১৯ জুলাই শুক্ৰবাৰে প্ৰশ্নৰ লগতে বেচৰকাৰী সদস্যৰ বিধেয়ক, সংকল্প প্ৰস্তাৱ ইত্যাদি। ২২ জুলাই, সোমবাৰে প্ৰশ্নৰ লগতে ২০১৯-২০২০ চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ আৰু পৰিপূৰক বিনিয়োজনৰ ভোটদান, ২০১৯ চনৰ অসম বিনিয়োজন (নং-১১১) বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ। ২৩ জুলাই মঙ্গলবাৰে প্ৰশ্ন শিতান, উপাধ্যক্ষ নিৰ্বাচন, বিধেয়ক, সংকল্প প্ৰস্তাৱ ইত্যাদি। ২৪ জুলাই বুধবাৰে প্ৰশ্ন শিতান আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ আৰু ২৫ জুলাই বৃহস্পতিবাৰে অন্তিম কাৰ্যসূচীত অধ্যক্ষৰ পদক্ষেপ তথা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত।
The post ১৮ জুলাইৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2LctRFH
via IFTTT

Comments
Post a Comment