কাজিৰঙাত প্ৰশাসনে মুকলি কৰি দিলে ৰাষ্ট্ৰীয় ঘাইপথ
ডিজিটেল সংবাদ, গুৱাহাটীঃ কাজিৰঙাত পুনৰ যান–বাহনৰ চলাচল আৰম্ভ হৈছে। অৱশ্যে জিলা প্ৰশাসনে সাময়িকভাৱেহে মুকলি কৰি দিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা অংশ। উল্লেখ্য যে জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত কালি প্ৰশাসনে কাজিৰঙাত সাময়িকভাৱে বন্ধ কৰি দিছিল পথ। অৱশ্যে এইতিয়াও মাজলাইনৰ পৰা বাগৰিলৈ ঘাইপথছোৱাৰ ওপৰত পানী আছে। বন্যপ্ৰাণীৰ সুৰক্ষা তথা বিপদৰ আশংকাত প্ৰশাসনে বন্ধ কৰি দিছিল যান–বাহনৰ চলাচল। ইয়াৰ ফলত কালি ঘাইপথতে আবদ্ধ হৈ আছিল শ শ যান–বাহন। আজি পুৱাৰে পৰা প্ৰশাসনে পুনৰ মুকলি কৰি দিলে পথছোৱা।
The post কাজিৰঙাত প্ৰশাসনে মুকলি কৰি দিলে ৰাষ্ট্ৰীয় ঘাইপথ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2XTxz91
via IFTTT

Comments
Post a Comment