ক্ৰিকেটৰ চাইড এফেক্ট! পৰাজিত হোৱাৰ বাবে জাতীয় দলৰ অধিনায়কক সমালোচনা কৰি শাস্তি পালে চিকিৎসকে

ডিজিটেল ডেস্কঃ এজন জ্যেষ্ঠ চিকিৎসক। ক্ৰিকেট বুলি ক’লে একোৱেই নালাগে চিকিৎসকজনক। ক্ৰিকেটক ভাল পোৱাই কাল হ’ল তেওঁৰ কেৰিয়াৰৰ বাবে। বিশ্বকাপ ক্ৰিকেটৰ জ্বৰত তেওঁ আক্ৰান্ত আছিল। সেয়েহে ক্ৰিকেটক লৈ তেওঁ ফেচবুকত দিছিল এটা পোষ্ট। সমালোচনা কৰিছিল পৰাজয়ৰ সন্মুখীন হোৱা দেশৰ ক্ৰিকেট দলৰ অধিনায়কক।

তাৰ পাছতেই আহিল নিৰ্দেশ। স্বাস্থ্য বিভাগৰ উপ সচিব এগৰাকীয়ে স্বাক্ষৰ কৰা বদলিৰ নিৰ্দেশ লাভ কৰিলে চিকিৎসকগৰাকীয়ে। পূৰ্বতে কাম কৰি থকা চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁক বদলি কৰা হ’ল এক ভিতৰুৱা অঞ্চললৈ।

চিকিৎসকগৰাকীৰ দাবী- জাতীয় দলৰ অধিনায়কক ছ’চিয়েল মিডিয়াত সমালোচনা কৰাৰ বাবেই তেওঁক এই শাস্তি প্ৰদান কৰা হৈছে। অৱশ্যে এই কাণ্ড ভাৰতত হোৱা নাই। চুবুৰীয়া বাংলাদেশত সংঘটিত হ’ল ক্ৰিকেটক বাবে এই ঘটনা।

ৰংগামাটি মেডিকেল কলেজত কৰ্মৰত ৰেজাউল কৰিম নামৰ চিকিৎসকগৰাকী আছিল শিশুৰ কৰ্কট ৰোগ বিশেষজ্ঞ। বাংলাদেশৰ আটাইতকৈ জনপ্ৰিয় খেলুৱৈ তথা বৰ্তমান বাংলাদেশৰ বিশ্বকাপ ক্ৰিকেট দলৰ অধিনায়ক মাছৰাফি মোৰতাজাক সমালোচনা কৰাৰ বাবেই এই দশা হ’ল চিকিৎসকগৰাকীৰ।

The post ক্ৰিকেটৰ চাইড এফেক্ট! পৰাজিত হোৱাৰ বাবে জাতীয় দলৰ অধিনায়কক সমালোচনা কৰি শাস্তি পালে চিকিৎসকে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Xolv4k
via IFTTT

Comments