জম্মু কাশ্মীৰত শোকাৱহ বাছ দূৰ্ঘটনা,থিতাতে নিহত ৩৩ জন লোক

ডিজিটেল সংবাদঃ সোমবাৰে পুৱা জম্মুৃ কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ বাছ দূৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই  দ– খাৱৈত বাগৰি পৰিল মিনি বাছ ।ৰাজ্যখনৰ কিশটৱাৰ জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। অত্যাধিক যাত্ৰী কঢ়িওৱাৰ ফলতেই দূৰ্ঘটনাতো সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে। দুৰ্ঘটনাত এতিয়ালৈকে ৩৩ গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে গুৰুতৰ ভাবে আহত হৈছে ১৩ জনকৈ লোকৰ। আহত সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে এতিয়াও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

The post জম্মু কাশ্মীৰত শোকাৱহ বাছ দূৰ্ঘটনা,থিতাতে নিহত ৩৩ জন লোক appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2KSXNq2
via IFTTT

Comments