এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ অনিশ্চয়তা
চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আছু-আমছু
অসম চৰকাৰৰ কৰ্মচাৰীৰ কামৰ ওপৰত সন্দেহ কৰাটো হাস্যকৰ: দীপাংক নাথ
প্ৰথমতে কেব, তাৰ পিছত এন আৰ চি বুলি অমিত শ্বাহৰ ঘোষণা কাৰ্যকৰী কৰাৰ ষড়যন্ত্ৰ: আজিজুৰ ৰহমান
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জুলাই : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ মাজত মাথোঁ কুৰিটা দিন বাকী। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে এন আৰ চি কতৃÇপক্ষৰ পক্ষই যুদ্ধংদেহি গতিত কাম চলাই নিয়াৰ সময়তে সমস্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ চলিছে ভয়াৱহ ষড়যন্ত্ৰ। এন আৰ চিৰ যাৱতীয় কাম-কাজত ব্যাঘাত জন্মাবলৈ ৰচনা কৰা ষড়যন্ত্ৰৰ আঁৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। দীৰ্ঘদিন ধৰি চলা পুনৰীক্ষণ আৰু শুনানিৰ অন্তত এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশ হোৱাৰ দিন চমু চাপি অহাৰ সময়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাই ষড়যন্ত্ৰৰ তথ্য ফাদিল কৰিছে। সীমান্তৱৰ্তী জিলাসমূহত ২০ শতাংশ আৰু আন জিলাসমূহত ১০ শতাংশ লোকৰ নথি-পত্ৰ পুনৰীক্ষণৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাই এতিয়া এন আৰ চিৰ যাৱতীয় প্ৰস্তুতিক লৈ অনিশ্চয়তাই দেখা দিছে।
বিশেষকৈ ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিক লৈ এতিয়া চৰম অনিশ্চয়তাই গা কৰি উঠিছে। যি সময়ত এন আৰ চিৰ যাৱতীয় কাম-কাজ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত গতি কৰিছে, তেনে সময়ত দিল্লী-দিছপুৰে ২০ শতাংশ নমুনা পৰীক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৰ্জিয়ে একপ্ৰকাৰ ৰহস্যৰ গোন্ধ ওলাই পৰিছে। চৰকাৰৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু আৰু আমছু। এই সন্দৰ্ভত আছুৰ সভাপতি দীপাংক নাথে উল্লেখ কৰি কয় যে কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ। এন আৰ চিৰ সমস্ত প্ৰক্ৰিয়াত চৰকাৰৰ মিছনেৰীয়ে কাম কৰি আছে। এন আৰ চিৰ কামত নিয়োজিত হৈছে ৫০ হাজাৰ বিষয়া-কৰ্মচাৰী। অসম চৰকাৰৰ কৰ্মচাৰীৰ কামৰ ওপৰত চৰকাৰে নিজে সন্দেহ কৰাটো হাস্যকৰ। উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰ বাবে চৰকাৰে এই ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি উল্লেখ কৰে আছুৰ সভাপতিগৰাকীয়ে। এনে ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰে।
ইপিনে এই সন্দৰ্ভত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয় যে এন আৰ চিৰ কামত বিধি-পথালি দিয়াৰ বাবে চৰকাৰৰ এই ষড়যন্ত্ৰ। সোণোৱাল চৰকাৰে কোনো কাৰণতে যে এন আৰ চি হোৱাটো নিবিচাৰে সেয়া স্পষ্ট হৈছে। ৰহমানে লগতে কয় যে ইতিমধ্যে এন আৰ চিৰ সকলোধৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আনকি দাবী-আপত্তিৰ জৰিয়তে নথি-পত্ৰ পুনৰীক্ষণ সম্পূৰ্ণ হৈছে। তেনে ক্ষেত্ৰত পুনৰবাৰ নথি-পত্ৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলি আমছুৱে অনুভৱ নকৰে বুলি উল্লেখ কৰি আৰু কয় যে ইতিমধ্যে খচৰা এন আৰ চিত অন্তৰ্ভুক্ত হোৱা সন্দেহজনক লোকক লৈ যোৱা ২৬ জুনত এন আৰ চিৰ কৰ্তন খচৰা প্ৰকাশ পাইছে। দাবী-আপত্তিৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে। তেনে সময়ত বিশেষকৈ চূড়ান্ত এন আৰ চি প্ৰকাশ পাবলৈ মাজত মাত্ৰ কুৰিটা দিন বাকী থকাৰ সময়তে এনেধৰণৰ পুনৰীক্ষণৰ আৰ্জিৰে শপতনামা দাখিল কৰা বিষয়টোৱে চৰকাৰৰ ষড়যন্ত্ৰ ফাদিল হৈছে।
আজিজুৰ ৰহমানে আন এক প্ৰসংগ উত্থাপন কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ঘোষণা কৰিছিল যে প্ৰথমতে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব, তাৰ পিছতহে আহিব এন আৰ চি। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ উক্ত ঘোষণা কাৰ্যকৰী কৰাৰ বাবে সোণোৱাল চৰকাৰে এনেধৰণৰ পন্থা হাতত লৈ এন আৰ চিৰ যাৱতীয় কাম-কাজ লেহেমীয়া কৰিবলৈ উঠি-পৰি লাগিছে বুলিও তেওঁ উল্লেখ কৰে। চৰকাৰে কোনো কাৰণতে এখন শুদ্ধ এন আৰ চি বিচৰা নাই। একমাত্ৰ ভোটবেংকৰ স্বাৰ্থত চৰকাৰে কাম কৰি আছে। উল্লেখ্য যে অসমৰ সীমান্তৱৰ্তী জিলাৰ খচৰা এন আৰ চিৰ ২০ শতাংশ নমুনা আৰু অন্যান্য জিলাৰ দহ শতাংশ নমুনা পুনৰ পৰীক্ষাৰ কাৰণে যোৱা দুদিন পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল। আনকি ৰাজ্যখনৰ যিসমূহ জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক সেই জিলাসমূহতো এন আৰ চিৰ ২০ শতাংশ নমুনা পুনৰ পৰীক্ষাৰ বাবে চৰকাৰে আবেদন জনাইছে। মন কৰিবলগীয়া যে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে এনেদৰে আবেদন দাখিল কৰা বিষয়টোৱে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। চৰকাৰৰ এনে ষড়যন্ত্ৰক বিভিন্ন দল-সংগঠনে গৰিহণা দিছে।
উলামা কাউন্সিলৰ গৰিহণা ঃ চূড়ান্ত এন আৰ চি প্ৰকাশৰ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন আৰ চিৰ খচৰাৰ ২০ শতাংশ লোকৰ নথি-পত্ৰ পুনৰীক্ষণ কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনক লৈ সৰৱ হৈ পৰিছে উলামা কাউন্সিল অৱ অসম। এই সন্দৰ্ভত সংগঠনটোৰ সভাপতি মৌলানা ৰফিকুল ইছলামে কয় যে এয়া সম্পূৰ্ণৰূপে পৰিকল্পিত এক ষড়যন্ত্ৰ। এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবে পৰিকল্পনা ৰচনা কৰা হৈছে। যাতে চূড়ান্ত এন আৰ চি প্ৰকাশ নাপায় আৰু বিদেশীৰ সমস্যাটোক জীয়াই ৰাখিলৈয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এনেধৰণৰ পন্থা অৱলম্বন কৰিছে বুলি তেওঁ উল্লেখ কৰে।
( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )
The post এন আৰ চিৰ পূৰ্ণাংগ তালিকা প্ৰকাশক লৈ অনিশ্চয়তা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2XB2vj0
via IFTTT

Comments
Post a Comment