বাঁহজানীত নাট্য আৰু নৃত্য কৰ্মশালা উদ্বোধন…

ডিজিটেল সংবাদ, বাঁহজানীঃ নাট্য কলাক অধিক জনমুখী কৰা আৰু নব প্ৰজন্মক নাট্যকলাৰ আংগিক, কলা আৰু ৰসাস্বাদন কৰা অৰ্থে নলবাৰী জিলাৰ বাঁহজানীৰ বগলচৰোড চ’কত স্থাপন কৰা শ্ৰীমন্ত শংকৰদেৱ ল’ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ উদ্যোগত ২জুলাই মংগলবাৰৰ পৰা ১৬ জুলাইলৈ ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে নাট্য আৰু নৃত্যৰ কৰ্মশালা।
উক্ত কৰ্মশালাখন মংগলবাৰে আনুষ্ঠানিকভাবে উদ্বোধন কৰে নাট্য শিল্পী ,অভিনেতা ,ভগবৎ প্ৰীতমে। শ্ৰীমন্ত শংকৰদেৱ ল’ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ প্ৰেক্ষাগৃহত ৰাতিপুৱা দহ বজাৰ পৰা পূৱ বাঁহজানী গোপালথান বালিকা বিদ্যামন্দিৰ ( হাইস্কুল ) ৰ সহ; প্ৰধান শিক্ষক দিলীপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা নাট্য আৰু নৃত্যৰ কৰ্মশালাখন উদ্বোধন কৰি বিশিষ্ট অভিনেতা,পৰিচালক ভগৱৎ প্ৰীতমে ভাষণত নাটক আৰু অভিনয় জগতত বৰ্তমান দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি নৱ প্ৰজন্ম সকলক নিজৰ নিজৰ অধ্যয়নৰ লগতে নাটক,অভিনয়, নৃত্যৰো শিক্ষা গ্ৰহন কৰিবলৈ আহ্বান জনায়।
উদীয়মান নাট্যকাৰ, অভিনেতা অনুপম শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত বিশিষ্ট অভিনেত্ৰী গায়ত্ৰী বৰাই অংশ গ্ৰহন কৰি ভাষণ প্ৰসংগত তেও নাটক, অভিনয়, নৃত্য অতি কঠিন কাম।ইয়াৰ বাবে বহুত কষ্ট আৰু সাধনা কৰিব লাগিব বুলি কৈ নাটক, অভিনয়, নৃত্যৰ জৰিয়তে এজন মানুহ সৎ আৰু ভাল হব পাৰে বুলি কয়।অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ ল’ৱাৰ আসাম থিয়েটাৰ একাডেমীৰ অধ্যক্ষ তথা অভিনেতা, সু – চিকিৎসক ডাঃ আলেখ্য বৰুৱা, অভিনেতা, পৰিচালক বুবুল কলিতা আৰু নেৰিটচৰ পৰিচালন সঞ্চালক পিংকু চৌধুৰীয়ে উপস্থিত থাকি নিজ নিজ ভাষণত নাটক, অভিনয় আৰু নৃত্যৰ ওপৰত আলোচনা আগবঢ়ায়।
ইফালে ১৫ দিনীয়াকৈ আৰম্ভ হোৱা নাট্য আৰু নৃত্যৰ কৰ্মশালাত অসমৰ বোল ছবি আৰু ভ্ৰাম্যমান জগতৰ বিশিষ্ট অভিনেতা – নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মন, অভিনেত্ৰী ক্ৰমে যতীন বৰা,মৃদুল ভূঞা, ভগৱৎ প্ৰীতম,আকাশ দ্বীপ,নিৰ্মল দত্ত, দ্বিবন আৰ্য, বেনুধৰ পাটোৱাৰী, প্ৰাঞ্জনা দত্ত, গায়ত্ৰী বৰা , অঞ্জন বেজ, বুবুল কলিতা আদিয়ে ছাত্ৰ – ছাত্ৰী সকলক প্ৰশিক্ষন দিয়াৰ লগতে কৰ্মশালাৰ শেষত ২৭ জুলাইৰ দিনা নৃত্য আৰু নাটকৰ বিশেষ মনোগ্ৰাহী অনুষ্ঠান পৰিবেশন কৰা হব।
The post বাঁহজানীত নাট্য আৰু নৃত্য কৰ্মশালা উদ্বোধন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xtv9TL
via IFTTT
Comments
Post a Comment