চিৰাং জিলাৰ হজ যাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বঙাইগাঁওঃ চিৰাং জিলাৰ ঢালিগাঁৱৰ বৰতালোৱাত আজি জিলাখনৰ পৰা মক্কাত হজলৈ যাব লগা হজযাত্ৰী সকলক বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ এই উপলক্ষে বৰতালোৱা জামে মছজিদ প্ৰাংগণত  চিৰাং জিলাৰ অতিৰিক্ত উপাযুক্ত বিপুল শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত  অনুষ্ঠানত জিলা হজ সমিতিৰ সদস্য আব্দুল হামিদ পৰমাণিকে উদ্দেশ্য ব্যাখ্যা কৰি হজ যাত্ৰী সকলৰ যাত্ৰাত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত জিলা হজ সমিতিৰ সদস্য আবু বক্কৰ ছিদ্দিকে হজ যাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে ৷ অনুষ্ঠানত হজ যাত্ৰী সকলেও বক্তব্য ৰাখে ৷ উল্লেখ্য যে, চিৰাং জিলা হজ সমিতিৰ অধীনত এইবাৰ জিলাখনৰ মুঠ ১১ গৰাকী হজ যাত্ৰীয়ে হজলৈ যাব ৷ ইয়াৰ ভিতৰত মহিলা ৬ গৰাকী আৰু ৫ গৰাকী পুৰুষ হজযাত্ৰী হজলৈ যাব ৷ চিৰাঙৰ হজ যাত্ৰী সকলে অহা ৭ আৰু ৮ জুলাইত গুৱাহাটীৰ পৰা বিমানেৰে মক্কালৈ  যাত্ৰা কবিব বুলি জানিব পৰা গৈছে ৷

The post চিৰাং জিলাৰ হজ যাত্ৰীক সম্বৰ্ধনা appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2RScJFI
via IFTTT

Comments