বালাকোট আক্ৰমণৰ পিছৰে পৰা বন্ধ কৰি ৰখা পাকিস্তানৰ বিমানপথ মুকলি
ডিজিটেল সংবাদ, গুৱাহাটীঃ বালাকোট আক্ৰমণৰ পিছৰে পৰা বিগত পাচ মাহ ধৰি বন্ধ কৰি ৰখা পাকিস্তানৰ বিমান পথ মুকলি কৰি দিয়া হৈছে। এতিয়াৰে পৰা পুনৰ বাণিজ্যিক বিমান পৰিবহণ স্বাভাৱিকভাৱে কৰিব পাকিস্তানৰ বিমানপথেৰে। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতে পাকিস্তানৰ বালাকোটত বিমান আক্ৰমণ কৰাৰ পিছৰে পৰা পাকিস্তান প্ৰশাসনে ইয়াৰ বিমানপথেৰে যিকোনো ধৰণৰ বিমানৰ চলাচল বন্ধ কৰি ৰাখিছিল। এতিয়াৰে পৰা এই বিমান পথেৰে স্বাভাৱিকভাৱে বিমান চলাচল কৰিব, ইয়াৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলে লাভ কৰিছে ব্যাপক সকাহ।
উল্লেখ্য যে এই বিমানপথ বন্ধ কৰি ৰখাৰ ফলশ্ৰুতিত ভাৰতে ৫৫০ কোটি টকা লোকচানৰ সমূখীন হ’বলগীয়া হৈছে। কেৱল সেয়াই নহয় ভাৰতৰ পৰা যোৱা আৰু ভাৰতলৈ অহা বহু সংখ্যক বিমানৰ যাত্ৰাসময় ৪৫ ৰ পৰা ৯০ মিনিট পৰ্যন্ত বৃদ্ধি পাইছিল। উল্লেখ্য যে কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আত্মঘাটী আক্ৰমণৰ পিছতে ভাৰতে ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটত কৰা আক্ৰমণৰ পিছৰে পৰা পাকিস্তান প্ৰশাসনে এই বিনাপথবোৰ বন্ধ কৰি ৰাখিছিল আৰু ২৬ জুলাইলৈ এই বন্ধৰ সময় বৃদ্ধি কৰি ৰখা হৈছিল।
The post বালাকোট আক্ৰমণৰ পিছৰে পৰা বন্ধ কৰি ৰখা পাকিস্তানৰ বিমানপথ মুকলি appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2k9dZHN
via IFTTT
Comments
Post a Comment