যাত্ৰীবাহী বাছ সোমালগৈ খাৱৈত, প্ৰাণ হেৰুৱালে ৩৩ জন যাত্ৰীয়ে…

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা জম্মু-কাশ্মীৰৰ কিস্তৱাড়ত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৩৩ জন লোক নিহত হোৱাৰ উপৰিও আহত হয় প্ৰায় ১২ জন। জানিব পৰা মতে, সোমবাৰে পুৱা কেশৱাৰ পৰা কিস্তৱাড় অভিমুখে এখন যাত্ৰীভৰ্তি বাছ আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে।

পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলে বাছখনৰ ভিতৰৰ পৰা ২০ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই দুৰ্ঘটনাত ৩৩ জন লোকৰ মৃত্যু ঘটা বুলি জানিবলৈ দিছে জম্মুৰ আইজিপি এম কে সিনহাই। দুৰ্ঘটনাত আহতসকলক ততাতৈয়াকৈ চিকিৎয়ালত ভৰ্তি কৰা হৈছে।

এই দুৰ্ঘটনাটোক লৈ শোক ব্যক্ত কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে। মুফতীয়ে দুৰ্ঘটনাৰ পিছতে এটা টুইট কৰি শোক ব্যক্ত কৰে আৰু নিহত সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ওমৰ আব্দুল্লায়েও দুখ প্ৰকাশ কৰি এনে আহত সকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰে।

ইফালে সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ চিমলাত সংঘটিত আন এক পথদুৰ্ঘটনাত ৩ ছাত্ৰসহ কমেও ৪ জন লোক নিহত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চিমলাৰ খলিনী গাঁৱৰ সমীপত এখন যাত্ৰীবাহী পথ পৰিবহন নিগমৰ বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত ৩ স্কুলীয়া ছাত্ৰসহ কমেও ৪ জন লোকৰ মৃত্যু ঘটে। আনহাতে আহত সকলক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

The post যাত্ৰীবাহী বাছ সোমালগৈ খাৱৈত, প্ৰাণ হেৰুৱালে ৩৩ জন যাত্ৰীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Lt3YAE
via IFTTT

Comments