বিশেষ নিউজ ৰিপ’ৰ্ট | ছুপাৰ অভাৰত বিশ্বকাপ জিনি ইংলেণ্ডৰ ঐতিহাসিক জয়
লৰ্ডছ্, ১৪ জুলাই : শ্বাস ৰুদ্ধকৰ যুঁজত অৱশেষত নতি স্বীকাৰ কৰিলে নিউজিলেণ্ডে। বিশ্বকাপ ক্ৰিকেটত আজি ফাইনেলত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত লৰ্ডছত আৰম্ভ হৈছিল শীৰ্ষত্বৰ যুঁজ। ক্ৰিকেটৰ ইতিহাসত কোনোদিনে নঘটা ঘটনাৰ সাক্ষী হৈ ৰৈছিল ইংলেণ্ডৰ লৰ্ডছ মৈদাম। নিউজিলেণ্ডে টছত জিকি প্ৰথমতে বেটিং কৰি হেনৰী নিকহোলাছৰ ৫৫, টম লাথামৰ ৪৭ আৰু কেন উইলিয়ামছনৰ ৩০ ৰানৰ সহায়ত ২৪১ ৰান সংগ্ৰহ কৰি ২৪২ ৰানৰ লক্ষ্য স্থিৰ কৰি দিছিল।
প্ৰত্যুত্তৰ ইংলেণ্ডে ৫০ অভাৰত জনী বেইষ্ট’ৰ ৩৬, জ’ছ বাটলাৰৰ ৫৯, আৰু বেন ষ্টকৰ অপৰাজিত ৮৪ ৰানৰ সহায়ত ২৪১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখন টাই হয়। নিউজিলেণ্ডে লাথামত ৪৭ ৰান, নিকহোলচৰ ৫৫ ৰানৰ সহায়ত ২৪১ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও নিউজিলেণ্ডৰ বলাৰ সকলে এই সহজ লক্ষ্যকো দুৰ্বিসহ কৰি তুলিছিল। আৰম্ভণিতে ইংলেণ্ডৰ হৈ জনী ব্ৰেষ্ট’ই সুন্দৰ আৰম্ভণি প্ৰদৰ্শন কৰিছিল যদিও হেনৰী, ফাৰগুঞ্চন, গ্ৰেনহম আৰু নিচামে ইংলেণ্ডত টপ অৰ্ডাৰক থান-বান কৰি দিয়ে। ৮৬ ৰানতেই চাৰিটাকৈ উইকেট হেৰুৱা দলটোক উদ্ধাৰৰ বাবে জৰ্জ বাটলাৰ আৰু বেন ষ্টকে মধ্যক্ৰমত শক্তিশালী যুটি বান্ধি দলক আগুৱাই নিয়ে যদিও শেষৰ পিনে পুনৰ উভতি ধৰে নিউজিলেণ্ডে।
বেন ষ্টকে ৮৪ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে জছ বাটলাৰে ৫৯ ৰান সংগ্ৰহ কৰে। নিৰ্ধাৰিত ৫০ অভাৰত খেল অমিমাংসিত হোৱাত ছুপাৰ অভাৰৰ সহায় লোৱা হয় য’ত ইংলেণ্ডে ১৫ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডক ১৬ ৰানৰ লক্ষ্য স্থিৰ কৰি দিয়ে। কিন্তু নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰটোত জেমছ নীশ্বামৰ ১৩, মাৰ্টিন গুপ্টিলৰ ১ ৰান আৰু অতিৰিক্ত ১ৰানৰ সহায়ত ১৫ ৰানহে সংগ্ৰহ কৰে।
উল্লেখ্য যে ছুপাৰ অভাৰত যদি মেচখন টাই হয় তেনেহ’লে যিদলে স্ক’ৰৰ সময়ত অধিক বাউণ্ডেৰী কৰে আৰু পৰৱৰ্তী দলটোৱে সংগ্ৰহ কৰিব নোৱাৰিলে দলটোক জয়ী হিচাপে ঘোষণা কৰা হয়। এই নীতিৰ ফলতে ইংলেণ্ডে পোন প্ৰথম বাৰৰ বাবে বিশ্বকাপ দখল কৰিবলৈ সক্ষম হয় ৷ ইউৰোপ মহাদেশৰ প্ৰথমটো দল বিশ্বকাপ বিজয় হোৱাৰ লগতে বিশ্বকাপ জয় কৰা ষষ্ঠখন দেশৰ গৌৰৱ অৰ্জন কৰে। স্মৰ্তব্য যে পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফাইনেলত ড্ৰ হোৱা মেচখনেই আছিল নিউজিলেণ্ড বনাম ইংলেণ্ডৰ মাজৰ আজিৰ ফাইনেল মেচখন। বেন ষ্টকক মেন অৱ দ্য মেচ আৰু কেন উইলিয়ামছনক প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা প্ৰদান কৰা হয়।




























The post বিশেষ নিউজ ৰিপ’ৰ্ট | ছুপাৰ অভাৰত বিশ্বকাপ জিনি ইংলেণ্ডৰ ঐতিহাসিক জয় appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2lseAF1
via IFTTT






Comments
Post a Comment