সাংসদ আব্দুল খালেকে বানপীড়িতলৈ আগবঢ়ালে এমাহৰ দৰমহা
ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত সূষ্টি হোৱাৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰ্তজনক সহায় কৰাৰ উদ্দেশ্যে নিজৰ এমাহৰ দৰমহা বানপীড়িতৰ বাবে অনুদান হিচাপে অগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকে৷ আজি সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে৷ পোন প্ৰথমবাৰৰ বাবে লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱা সাংসদ গৰাকীয়ে অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে লোকসভাৰ মজিয়াতো দাবি উত্থাপন কৰিছে৷
The post সাংসদ আব্দুল খালেকে বানপীড়িতলৈ আগবঢ়ালে এমাহৰ দৰমহা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2Si0LFz
via IFTTT

Comments
Post a Comment