ৰোগীৰ জীৱনক পণবন্দী কৰি নাৰ্ছৰ আন্দোলন কিমান যুক্তিসংগত?

ডিজিটেল ডেস্কঃ সদৌ অসম নাৰ্ছ সন্থাই অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ৫ ডিচেম্বৰলৈকে স্থগিত কৰিলে। শুকুৰবাৰে নাৰ্ছৰ সন্থাৰ এক কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত লোৱা বুলি তেওঁলোকে ঘোষণা কৰিছে। ৯ টা দাবী পূৰণৰ বাবেই ষ্টাফ নাৰ্ছসকলে এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল। সাময়িকভাৱে এই আন্দোলন বন্ধ কৰিলেও নাৰ্ছ সন্থাই তেওঁলোকৰ মূল দাবী পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন চলাই থাকিব বুলি হুংকাৰ দিছে। পুনৰ ৫ ডিচেম্বৰৰ পৰা আন্দোলনত নামিব বুলি সংবাদমেলযোগে সদৰি কৰিছে নাৰ্ছ সন্থাই।
ইতিমধ্যে কেবাবাৰো আলোচনাত বহিছে নাৰ্ছসকল। শেহতীয়াকৈ বৃহস্পতিবাৰে নাৰ্ছসকলৰ প্ৰতিনিধিসকলৰ সৈতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া সকলো আলোচনাত মিলিত হৈছিল। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে আন উচ্চপদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই আলোচনাত ৫টা দাবী পূৰণৰ আশ্বাস দিছিল চৰকাৰে। তাৰ পাছতেই নাৰ্ছসকলে সাময়িকভাৱে স্থগিত কৰিছে এই আন্দোলনৰ কাৰ্যসূচী। সদৌ অসম নাৰ্ছ সন্থাৰ কৰ্মকৰ্তাসকল ৪ ডিচেম্বৰত পুনৰ আলোচনাত বহিব। নাৰ্ছ সন্থাৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়া মতে, আলোচনাত হোৱা সফলতা বা বিফলতাৰ ওপৰতেই তেওঁলোকৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী নিৰূপন কৰিব।
ৰাজ্যত আছে ১২ হাজাৰ জি এন এম। ইয়াৰে ৫,৫০০ স্থায়ী আৰু ৬,৫০০ নাৰ্ছ ঠিকাভিত্তিক। ইয়াৰ বিপৰীতে ৪০০ স্থায়ী বি এছ চি নাৰ্ছ আৰু অস্থায়ী ২০০ বি এছ চি নাৰ্ছ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত হৈ আছে। ২৬ নবেম্বৰৰ পৰা নাৰ্ছসকলে পালন কৰা কৰ্মবিৰতিৰ ফলত ৰাজ্যৰ প্ৰায় সংখ্যক চিকিৎসালয়ত ৰোগীয়ে জীয়াতু ভুগিবলগা হৈছে। এতিয়ালৈকে এই কৰ্মবিৰতিৰ ফলত দুগৰাকী প্ৰসূতী আৰু চাৰিটাকৈ শিশুৰ মৃত্যু হোৱা বুলি চৰ্চা হৈছে। প্ৰশ্ন হয়- অতি অত্যাৱশ্যকীয় চিকিৎসা সেৱাৰ দৰে বিভাগত কাম কৰিও নাৰ্ছসকলৰ এনে আন্দোলনে ৰোগীৰ জীৱনক লৈ হেতালি খেলি ৰোগীসকলক পণবন্দী কৰিছে নেকি?
ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহলৈ দৈনিক সহস্ৰাধিক ৰোগী আহে। নাৰ্ছ সকলৰ এই আন্দোলনৰ বাবে বহিঃবিভাগৰ চিকিৎসা প্ৰায় বন্দ সদৃশ হৈ পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। চিকিৎসালয় কৰ্তৃপক্ষই বিভিন্ন প্ৰক্ৰিয়াৰে ৰোগীসকল যাতে অসুবিধাত নপৰে তাৰ বাবে শিক্ষাৰ্থী নাৰ্ছৰ হতুৱাই তেওঁলোকৰ চিকিৎসা অব্যাহত ৰাখিছে। কিন্তু সেই সকল প্ৰশিক্ষাৰ্থী নাৰ্ছকো আন্দোলনলৈ জোৰ-জবৰদস্তি কৰি লৈ অহাৰ অভিযোগ উত্থাপন হৈছে। আনকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শ্ৰেণীত উপস্থিত থাকিবলৈ অহা নাৰ্ছকো জোৰ-জবৰদস্তি কৰি আনি আন্দোলনত বহুওৱাৰ চেষ্টা কৰিছিল আন্দোলনকাৰী সকলে।
তেওঁলোকৰ প্ৰাপ্যৰ অধিকাৰ বা সমস্যা সমাধানৰ দাবীত আন্দোলন কৰাৰ নিশ্চয় যুক্তি আছে। কিন্তু জোৰ-জবৰদস্তি কৰি কাৰোবাক আন্দোলনলৈ আনি ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অধিকাৰ নাৰ্ছসকলৰ নাই। আই চি ইউত থকা এজন ৰোগীৰ বাবে দুগৰাকীকৈ নাৰ্ছৰ প্ৰয়োজন হয়। অনুৰূপ ধৰণে চিকিৎসাধীন ৰোগীৰ ক্ষেত্ৰত ১০গৰাকী ৰোগীৰ বিপৰীতে থাকিব লাগে এগৰাকী নাৰ্ছ। এইসকল নাৰ্ছে আন্দোলনত নমাৰ ফলত এই সমগ্ৰ চিকিৎসা সেৱা ব্যৱস্থাটো জটিলতাৰ মাজত সোমাই পৰিছে।
ইফালে, আন্দোলনত নমা এই নাৰ্ছসকলৰ মাজতো বিভাজনৰ সৃষ্টি হোৱাৰ খবৰ আহিছে। বৃহস্পতিবাৰে নাৰ্ছ সন্থাৰ সম্পাদক, সভাপতিকে ধৰি এটা প্ৰতিনিধিৰ দলে শিক্ষা বিভাগৰ আয়ুক্ত আৰু প্ৰধান সচিবৰ সৈতে আলোচনাত বহিছিল। সেই দলটোৰ মাজতেই বিভাজন সৃষ্টি হৈ বৃহস্পতিবাৰেই এটা পক্ষই আন্দোলন উঠাই লোৱাৰ কথা ঘোষণা কৰিছিল। প্ৰাপ্ত অভিযোগ মতে, নাৰ্ছ সন্থাৰ সভানেত্ৰী অঞ্জনা শইকীয়াই উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতেই তেওঁক পদোন্নতি দিয়া প্ৰলোভনত ভোল গৈ এই আন্দোলনৰ কাৰ্যসূচী সমাপ্তি কৰাৰ কথা সদৰি কৰে। তাৰ বিপৰীতে নাৰ্ছ সন্থাৰ সম্পাদিকা জুনু চেতিয়াৰ নেতৃত্বত আন এটা ফৈদে এই আন্দোলনৰ পোষকতা কৰিছিল।
‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কে এই সন্দৰ্ভত নাৰ্ছ সন্থাৰ কৰ্মকৰ্তাসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ আন্দোলনৰ নায্যতাক লৈ সোধা এক প্রশ্নত সুউত্তৰ দিব নোৱাৰিলে সংগঠনটোৰ নেতৃত্বই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসাধীন ৰোগীসকলৰ চিকিৎসালৈ পিঠি দি এনেদৰে আন্দোলনত নমা নাৰ্ছসকলৰ প্ৰতিবাদৰ প্ৰতি অনুকম্পা থকাৰ পাছতো তেওঁলোকৰ দায়িত্ববোধক লৈ এতিয়া প্ৰশ্ন উঠিছে। কিয়নো এনে কৰ্মবিৰতিৰ ফলত ৰোগীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই সুযোগ গ্ৰহণ কৰি নাৰ্ছসকলে তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখি অত্যন্ত জৰুৰী এই সেৱাত নিয়োজিত হোৱাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে।
ইফালে, ৰাজ্য চৰকাৰেও নাৰ্ছসকলৰ সমস্যা সমূহৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়া অভিযোগো উত্থাপন হৈছে। চৰকাৰী খণ্ডৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহক এনেদৰে বাৰে বাৰে বিভিন্ন পক্ষৰ উচতনিত স্তব্ধ কৰি দিয়াৰ ষড়যন্ত্ৰ আজিৰ নহয়। দীৰ্ঘদিন ধৰি এই ষড়যন্ত্ৰ চলি আহিছে। ব্যক্তিগত স্বাস্থ্য খণ্ডৰে জড়িত এক শক্তিশালী পক্ষয়ো ইয়াত হাত উজান দিয়ে।
এনে পৰিস্থিতি সাময়িকভাৱে নাৰ্ছসকলৰ আন্দোলনৰ কাৰ্যসূচী ৪ ডিচেম্বৰলৈকে স্থগিত হ’লেও পুনৰ ৫ ডিচেম্বৰৰ পৰা অনুৰূপ কৰ্মবিৰতিৰে নাৰ্ছসকলে আন্দোলনৰ পথ বাচি ল’ব পাৰে। সেয়া নিৰ্ভৰ কৰিছে ৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা আলোচনাৰ ফলাফলৰ ওপৰত। কিন্তু এতিয়া প্ৰশ্ন হয়- বাৰে বাৰে নাৰ্ছসকলে এই ধৰণে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলি আন্দোলনৰ পথ বাচি ল’লেই তেওঁলোকৰ সমস্যা সমাধান হ’বনে?
চিকিৎসালয়লৈ যোৱা বহু ৰোগীৰ আত্মীয়ই জানিবলৈ দিয়া মতে, চিকিৎসালয় সমূহত নাৰ্ছৰ অনুপস্থিতিৰ ফলত চিকিৎসা প্ৰদানত যথেষ্ট বাধাৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি এই আন্দোলন চলি থাকিলে অস্থিৰ হৈ পৰিব ৰাজ্যৰ স্বাস্থ্য খণ্ড। যি সময়ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰভূত উন্নতি সাধন হোৱা বুলি দাবী কৰিছিল, সেই সময়ত এতিয়া স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ এনেবোৰ কৰ্মকাণ্ডৰ মাজেৰে প্ৰকাশ পাইছে। লগতে প্রশ্ন উঠিছে- জীৱন প্ৰাণৰ সৈতে জড়িত স্বাস্থ্যৰ দৰে অত্যন্ত জৰুৰী বিভাগ এটাত কৰ্মৰত নাৰ্ছসকলে ইচ্ছা গ’লেই আন্দোলনত নমাৰ যুক্তি আছেনে?
The post ৰোগীৰ জীৱনক পণবন্দী কৰি নাৰ্ছৰ আন্দোলন কিমান যুক্তিসংগত? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q2XQCE
via IFTTT
Comments
Post a Comment