ইজৰাইলত মৃত্যু হোৱা নেহা শৰ্মাৰ ঘৰ ওদালগুৰিৰ মেৰাবিলত

ডিজিটেল ডেস্কঃ ইজৰাইলত মৃত্যু হৈছে অসমৰ এগৰাকী যুৱতীৰ। যুৱতীগৰাকীৰ নাম নেহা শৰ্মা বুলি চিনাক্ত কৰা হৈছে যদিও, যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই। পাছপ’ৰ্টত উল্লেখ থকা মতে, যুৱতীগৰাকীৰ ঘৰ অসমৰ ওদালগুৰিৰ মেৰাবিলত। দেশখনৰ তেল অভিভ চহৰত মৃত্যু হৈছে যুৱতীগৰাকীৰ। বৰ্তমান সেই চহৰখনৰ এখন চিকিৎসালয়ত যুৱতীগৰাকীৰ মৃতদেহ ৰখা হৈছে।

দিল্লী আৰক্ষী মহাপৰিদৰ্শক ৰবীন খিবুবুৱে যুৱতীগৰাকীৰ পৰিয়ালৰ সন্ধান বিচাৰি অসমৰ কেবাজনো লোকলৈ এক মেছেজ প্ৰেৰণ কৰিছে। দিল্লীত উত্তৰ-পূবৰ লোকসকলক সহায়ৰ বাবে বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে থকা আৰক্ষীগৰাকীয়ে জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিৰ লগতে গাজিয়াবাদত বুলিও উল্লেখ আছে। সেয়েহে যুৱতীগৰাকীৰ ঘৰ ক’ত হ’ব পাৰে তাক লৈও বিমূৰত পৰিছে। বিদেশ মন্ত্ৰণালয়ৰ সৈতেও যোগাযোগ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে।

The post ইজৰাইলত মৃত্যু হোৱা নেহা শৰ্মাৰ ঘৰ ওদালগুৰিৰ মেৰাবিলত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SjPxii
via IFTTT

Comments