কাজিৰঙাৰ সমীপত ভূ-কম্পন জৰীপ বন্ধৰ দাবীত উপায়ুক্তক স্মাৰক জীপালৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ অনৈতিকভাৱে ভূ-কম্পন জৰীপ চলোৱা আলফাজিঅ’ নামৰ বহিৰাগত কোম্পানীটোক অসমত নিষিদ্ধ ঘোষণা কৰাৰ লগতে চৰকাৰী গোচৰ তৰি গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে জীপাল কৃষক শ্ৰমিক সংঘ নামৰ সংগঠনটোৱে। সংগঠনটোৰ উপদেষ্টা সোনেশ্বৰ নৰহ, প্ৰণৱ দলে, সভাপতি মন্টু বৰা আৰু জ্যোতিৰূপা বৰবৰা, সম্পাদক পুতুল নৰহ আৰু দেৱ পেগু স্বাক্ষৰিত এখন স্মাৰকপত্ৰ গোলাঘাটৰ উপায়ুক্তক এই দাবী উত্থাপন কৰে।
সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া এলেকা, ধনশিৰি নদীৰ মথাউৰিৰ পাৰত, নুমলীগড় শোধনাগাৰৰ ন’ ডেভেলপমেণ্ট জ’ন, নামবৰ ৰিজাৰ্ভ ফৰেষ্টৰ বৃহৎ এলেকাৰ অন্তৰ্ভাগত শ শ বোমা বিস্ফোৰণেৰে অবৈধভাৱে চলোৱা ভূ-কম্পন জৰীপ সম্পূৰ্ণ ভাৱে বন্ধ কৰিব লাগে। জীপালে স্পষ্ট ভাৱে উল্লেখ কৰা মতে, যোৱা ২২ নৱেম্বৰত দিন দুপৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জৰ বহিখোৱা গাঁৱৰ সোঁ-মাজতে মণিবৰ চাৰহৰ ধাননি পথাৰত পৰিয়ালৰ মানুহৰ পৰাও কোনো অনুমতি নোলোৱাকৈয়ে খনন কাৰ্য চলাই আছিল উক্ত আলফাজিঅ’ নামৰ বহিৰাগত কোম্পানীটোৱে।
১৪০ ফুট গভীৰলৈ লোহাৰ ৩ ইঞ্চি পাইপ ব’ৰিং কৰি, সেই স্থানতে ৩৫ টাকৈ বোমা বিস্ফোৰণ ঘটাই জৰীপ কৰোতে স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হয়। তেতিয়া আতংকিত হৈ স্থানীয় জীপাল কৃষক শ্ৰমিক সংগঠনৰ নেতৃত্বক অবগত কৰে। জীপালৰ নেতৃত্ব ঘটনাস্থলীত উপস্থিত হৈ কোম্পানীৰ কৰ্মকৰ্তাক সোধ-পোচ কৰাত, জৰীপৰ লক্ষণ সমূহ চিনাক্ত কৰোতে এয়া ভূ-কম্পন জৰীপ বুলি স্বীকাৰ কৰে। ফলত থিতাতে ভূ-কম্পন জৰীপৰ ভয়াৱহতাৰ সন্দৰ্ভত সজাগ কৰোঁতে ৰাইজ খৰ্গহস্ত হৈ কোম্পানীক তৎকালে সেই স্থান ত্যাগ কৰি বোকাখাত এৰি যাবলৈ সকীয়াই দিয়া হ’য়।
কিন্তু, কোম্পানীটোৱে উক্ত দিনা সেই স্থান ত্যাগ কৰিলেও পিছদিনা অৰ্থাৎ যোৱা ২৪ নবেম্বৰত বোকাখাতৰ কুৰুৱাবাহীৰ মেৰকাণ এলেকাত অনুৰূপ ঘটনা সংঘটিত কৰিবলৈ অপচেষ্টা কৰোতে স্থানীয় সচেতন ৰাইজে জীপাল কৃষক শ্ৰমিক সংঘৰ নেতৃত্বত উক্ত কোম্পানীৰ কৰ্মচাৰী, বাহন, যন্ত্ৰপাতি সমূহ জব্দ কৰিবলৈ বাধ্য হয়। লগে লগে বোকাখাত আৰক্ষী থানাক অৱগত কৰা হয় আৰু আৰক্ষীৰ উপস্থিতিত স্থানীয় ৰাইজ, কোম্পানীৰ কৰ্মচাৰী, জীপাল কৃষক-শ্ৰমিক সংঘৰ মাজত হোৱা আলোচনাত সম্পূৰ্ণ কাম বন্ধ কৰাৰ লিখিত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
চুক্তি পত্রত কোম্পানীৰ প্ৰতিনিধি আৰু বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ স্বাক্ষৰ গ্ৰহণৰ পাছতহে কৰ্মচাৰীক পুলিচৰ হাতত চমজাই দিয়া হয়। লগতে কাজিৰঙা বোকাখাত গোলাঘাট অসমৰ পৰাই কোম্পানীক নিষিদ্ধ কৰাৰ দাবী তোলা হয়। কিন্তু কথা হ’ল, ভাৰতৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ দ্বাৰা এন ডি জেড, ১৯৬৬ৰ অধীনত ন’ ডেভেলপ’মেণ্ট জ’ন, ঘোষণা কৰা অঞ্চলত কেনেকৈ এনে নিষিদ্ধ কাম কৰিব পাৰে বুলি স্মাৰকপত্ৰযোগে উপায়ুক্তক সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে।
আনহাতে, ই আই এ ২০০৬ৰ বিধি অনুসৰি পাৰিপাৰ্শ্বিক প্ৰভাৱ অধ্যয়ন নকৰাকৈ, পৰিৱেশ নিয়ন্ত্ৰণ বৰ্ডৰ অধীনত ৰাজহুৱা শুনানিত মত গ্ৰহণ নকৰাকৈ, এন বি ডব্লিউ এল আৰু এন টি চি এৰ আপত্তিবিহীন প্ৰমাণপত্র নোহোৱাকৈ সংৰক্ষিত বনাঞ্চল অথবা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত বাধা থকা স্বত্বেও অইল ইণ্ডিয়াৰ হৈ বহিৰাগত কোম্পানীয়ে অবাধে ভূ-কম্পন জৰীপ কৰাৰ অন্তৰালত কোন আছে সেয়া বিচাৰি উলিয়াবলৈও জীপালে দাবী উত্থাপন কৰে।
তদুপৰি, সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰে যে বিগত তিনিটা দশক মেৰামতি নোহোৱাৰ ফলত অতি দুৰ্বল হৈ পৰা বোকাখাত-মৰিয়াহোলাৰ কুৰুৱাবাহী আৰু ধনশিৰি-ডিফলু মথাউৰিত ইতিমধ্যে উহঁ ওলাই থকাৰ সংবাদ সৰ্বজনবিদিত। এই মথাউৰি ৰাইজে নিজাকৈ মেৰামতি কৰি কথমপি জীৱন ৰক্ষা কৰি আছে। তেনেস্থলত এই মথাউৰিৰ গাত বিস্ফোৰণ ঘটালে যিকোনো মুহূৰ্তত কুৰুৱাবাহী-বোকাখাত অঞ্চল ধংসস্তুপত পৰিণত হ’ব।
সমান্তৰালকৈ ব্ৰহ্মপুত্ৰ, ধনশিৰিকে প্ৰমূখ্যে কৰি অঞ্চলটোৰ নৈ, জান, জুৰি, বিল পুখুৰীপাৰৰ চনকীয়া মাটিত বিস্ফোৰণৰ ফলত সমগ্ৰ কৃষিভূমি, জলস্তৰ, প্ৰকৃতি-জৈৱ বৈচিত্র বিষাক্ত হৈ পৰাত মানৱ সভ্যতাক পঙ্গুত্ব দি যোৱাটো কেতিয়াও গ্ৰহণ কৰা নহ’ব বুলি সংগঠনটোৱে স্পষ্ট কৰে। ইপিনে, কোম্পানীটোৰে যদি উপায়ুক্তই গোপন বুজাবুজি কৰা নাই, তেন্তে অচিৰেই ভূ-কম্পন জৰীপৰ কাম বন্ধ কৰাৰ লগতে আলফাজিঅ’ কোম্পানীটোক অসমত নিষিদ্ধ কৰি কোম্পানীৰ কৰ্মকৰ্তাক ৪২০ ধাৰা গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। অন্যথা জনসাধাৰণৰ সৈতে হ’ব পৰা সকলো সংঘাতৰ বাবে উপায়ুক্তগৰাকী জড়িত হ’ব বুলিও জীপালে স্মাৰকপত্ৰযোগে সকীয়াই দিয়ে।
The post কাজিৰঙাৰ সমীপত ভূ-কম্পন জৰীপ বন্ধৰ দাবীত উপায়ুক্তক স্মাৰক জীপালৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AyGsuW
via IFTTT
Comments
Post a Comment