কেৰেলাত আত্মগোপন কৰি থকা তিনি এনডিএফবি(এচ)ৰ সদস্য গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষীৰ নিশ্চিত তথ্যৰ ভিত্তিত কেৰেলাত আত্মগোপন কৰি থকা তিনিজন এনডিএফবি(এচ)ৰ সদস্যক বৃহস্পতিবাৰে কেৰেলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কেৰেলা আৰক্ষীৰ হাতত আটকাধীন এনডিএফবি(এচ)ৰ সদস্য তিনিগৰাকী হ’ল ক্ৰমে কাজিগাঁও ভোমাগুৰীৰ সম্ৰাট বসুমতাৰীৰ পুত্ৰ বি মেহেৰ ওৰফে মনু বসুমতাৰী, ছেৰফাংগুৰীৰ পশ্চিম বাতাবাৰীৰ মগুনাথ বসুমতাৰীৰ পুত্ৰ বি ফৌৰবাও ওৰফে প্ৰীতম বসুমতাৰী, গোসাঁইগাঁও চাকমাৰ বীজেন্দ্ৰ ব্ৰহ্মৰ পুত্ৰ বি দালাং ওৰফে ধুমকেতু ব্ৰহ্ম বুলি কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰিছে।

কোকৰাঝাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৰি কৰা মতে ২০১৭ বৰ্ষৰ ১৬ নৱেম্বৰত এনডিএফবি(এচ)ৰ সহেটন নাৰ্জাৰী ওৰফে চানদৌৰ নেৰ্তৃত্বত চাৰিজনীয়া এটি দলে গোসাঁইগাঁও থানাৰ অন্তৰ্গত ডুমবাজাৰত ৰস্ন বসুমতাৰীক গুলীয়াই গুৰুতৰভাৱে আহত কৰিছিল।

ঘটনা সন্দৰ্ভত গোসাঁইগাঁও থানাত ৪৫৫/২০১৭ নম্বৰত এক গোচৰ ৰুজু হৈছিল আৰু আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছিল। ঘটনাটোৰ মুল অভিযুক্ত বুলি চিহ্নিত হোৱা সহেটন নাৰ্জাৰী ওৰফে চানদৌও পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰে সৈতে হোৱা এক সংঘৰ্ষত নিহত হৈছিল যদিও আন সন্দেহযুক্ত তিনি এনডিএফবি সদস্য আত্মগোপন কৰি আছিল।

অৱশেষত কোকৰাঝাৰ আৰক্ষীৰ এক নিশ্চিত তথ্য অনুসৰি আজি কেৰেলা আৰক্ষীয়ে এনডিএফবি(এচ)ৰ তিনি সদস্য ক্ৰমে বি মেহেৰ, বি ফৌৰবাও আৰু বি দালাংক গ্ৰেপ্তাৰ কৰে। কোকৰাঝাৰ আৰক্ষীৰ এটা বিশেষ দল কাইলৈ কেৰেলাত উপস্থিত হ’ব আৰু যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে আটকাধীন তিনি এনডিএফবি(এচ)ৰ সদস্যক চমজি লৈ কোকৰাঝাৰ অভিমুখে ৰাওনা হ’ব বুলি প্ৰেছ বিবৃতিত কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰিছে।

The post কেৰেলাত আত্মগোপন কৰি থকা তিনি এনডিএফবি(এচ)ৰ সদস্য গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KISYg6
via IFTTT

Comments