যোৰহাটত নিৰ্বাচনী ৰনডংকা বজালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যইঃ অগপ-কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত

গণবাৰ্তা বিশেষ, যোৰহাটঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যোৰহাটত অগপ কংগ্ৰেছ দুয়োটা দলতে মোক্ষম আঘাত হানি আজি দুয়োটা দলৰ কেইবাজনো কৰ্মী বিজেপি দলত যোগদান কৰে। আজি যোৰহাটৰ মালৌখাতৰ ৰঙ্গমঞ্চত অনুষ্ঠিত বিজেপিৰ এক দলীয় সভাত দুয়োটা দলৰে ৩০ গৰাকী কৰ্মী দলটোত যোগদান কৰে। অগপ দলে ৪৪ নং গাওঁ পঞ্চায়তত পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ অংশস্বৰূপে বিগত দহ বছৰ একেটা পৰিয়ালতে সভাপতিৰ প্ৰাৰ্থী দিয়া পিছত পুনৰ একে পৰিয়ালতে পুৰ্বৰ সভানেত্ৰী গৰাকীকে প্ৰাৰ্থীত্ব প্ৰদান কৰা বাবে ক্ষোভিত হৈ দল ত্যাগ কৰা বুলি জানিব দিয়ে। নিৰ্বাচনী সভা খনত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু অগপ দলৰ বাবে নিৰ্বাচনত কোণো ইচ্যু নাই বুলি মন্তব্য কৰি কয় যে সম্প্ৰতি কেন্দ্ৰ আৰু ৰাজ্যত উভয় চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিছে। যাৰ ফলত বিৰোধী দল দুটাই উন্নয়নৰ কোনো ইচ্যু লব নোৱাৰি কিছুমান আৱেগিক বিষয়ক ইচ্যু হিচাপে লৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসঙ্গ উত্থাপন কৰি মন্ত্ৰী জনে কয় যে বিৰোধী দল দুটাই নাগৰিকত্ব বিধেয়কক ইচ্যু হিচাপে লৈছে যদিও ইয়াৰ পূৰ্বতে বাংলাদেশক অসমৰ মাটি হস্তান্তৰ কৰা বিষয়টোও ইছ্যু হিচাপে লৈছিল।

কিন্তু মাটি হস্তান্তৰৰ ফলত ৰাজ্যত কোনো লোকচান নহল। বৰঞ্চ সুফল লাভ কৰিছে ৰাজ্যই। বিৰোধী দল দুটাই উন্নয়ন নাই হোৱা বুলি কব পৰা নাই। ৰাইজে উন্নয়ন বিছাৰে। বাট পথৰ পৰা ঘৰলৈকে সকলোতে উন্নয়ন হৈছে আৰু বিজেপি পঞ্চায়তত আহিলে এই উন্নয়নৰ গতি ত্বৰান্বিত হব। প্ৰসঙ্গ ক্ৰমে মন্ত্ৰী জনে কয় যে কংগ্ৰেছৰ দিনৰ আই এ ৱাই ঘৰ আৰু বৰ্তমানৰ পি এম এ ৱাই ঘৰৰ পাৰ্থক্যই স্পষ্ট কৰে উন্নয়ন। লগতে মন্ত্ৰী জনে কয় যে যদি এইবোৰ উন্নয়ন নহয় তেন্তে উন্নয়ন কাক কয়? আনহাতে ৪৪ নং আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী তথা জিলা বিজেপিৰ সম্পাদক জিতুমনি বৰাই কয় যে ৰাজ্যত আৰু কেন্দ্ৰত মন্ত্ৰী সকলে নিজৰ কৰ্ম দক্ষতা, কৰ্ম পটুতা দেখুৱাবলৈ সক্ষম হৈছে আৰু পঞ্চায়ততো একে দক্ষতা দেখুৱাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু নিকা প্ৰশাসন দিবলৈ সংকল্পবদ্ধ। উল্লেখযোগ্যযে অগপৰ দুৰ্গ হিচাপে খ্যাত ৪৪ নং গাওঁ পঞ্চায়তত অগপৰ দলৰ ভিতৰচোৱাত হোৱা লবীকেন্দ্ৰীক ৰাজনীতিয়ে দলটোৰ জনপ্ৰিয়তা হ্ৰাস কৰিছে। ৪৪ নং আঞ্চলিক পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ তালিকাত অগপ আৰু কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী জিতুমনি বৰাৰ জনপ্ৰিয়তা যথেষ্ট বেছি হোৱা পৰিলক্ষিত হৈছে।

The post যোৰহাটত নিৰ্বাচনী ৰনডংকা বজালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যইঃ অগপ-কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2QoNlZF
via IFTTT

Comments