লোকে লোকাৰণ্য নলবাৰী ৰাসথলীঃ গ্ৰন্থমেলাত উন্মোচিত হ’ল ১৪ খন গ্ৰন্থ

ডিজিটেল বাৰ্তা, নলবাৰীঃ ভক্তিৰস আৰু উৎসৱৰ ৰঙেৰে একাকাৰ হৈ পৰা নলবাৰী ৰাস মহোৎসৱ আজি লোকে লোকাৰণ্য হৈ পৰিছে। নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত চলি থকা ৮৫ সংখ্যক ৰাস মহোৎসৱৰ আজি অষ্টম দিন।কৃষ্ণভক্তি ৰস,লোককৃষ্টিৰ প্ৰদৰ্শন, গ্ৰন্থমেলা, মনোৰঞ্জনমূলক অনুষ্ঠান, মিনা বজাৰ,বাণিজ্যমেলা,যাদু,চাৰ্কাছ, বস্ত্ৰমেলা ,সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান আদিৰে নলবাৰী ৰাস মহোৎসৱ ক্ৰমান্বয়ে অধিক প্ৰাণৱন্ত হৈ উঠিছে। অহা ৫ ডিচেম্বৰলৈ চলিব ৰাস মহোৎস। ৰাস মহোৎসৱক কেন্দ্ৰ কৰি উছবমুখৰ হৈ পৰিছে নলবাৰী চহৰ।মহোৎসৱৰ সৰ্বত্ৰ নানাৰঙী নিয়ন লাইট,চহৰৰ প্ৰৱেশপথসমূহত স্থাপন কৰা বিদ্যুৎচালিত তোৰণ আদিয়ে ৰঙীন কৰি তুলিছে দৰ্শনাৰ্থীৰ মন প্ৰাণ। নলবাৰী জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণিত দৰ্শনাৰ্থীৰ সমাগমত মিলন তীৰ্থত পৰিণত হৈছে নলবাৰী।
কালিৰে  পৰা  চলিছে বৰদৈচিলা, বৃন্দাবন, হেঙুল, ৰাজমুকুট আৰু কহিনুৰ থিয়েটাৰৰ নাট প্ৰদৰ্শন। আজি পুনৰ চিৰঞ্জীৱ আৰু ভাগ্যদেৱী থিয়েটাৰে নাট মেলিছে। ৰাসৰ অন্যতম আকৰ্ষণ গ্ৰন্থমেলা থলীত আজি বিয়লি অনুষ্ঠিত হয় অসমৰ সাহিত্য বিষয়ক কুইজ। সন্ধিয়া গ্ৰন্থমেলাৰ মঞ্চত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা। অনুষ্ঠানত মকিবৰ ৰহমান, প্ৰেমানন্দ দেৱ শৰ্মা, নগেন্দ্ৰ নাথ ভট্টাচাৰ্য, জগন্নাথ শৰ্মা, কবিতা ডেকা তালুকদাৰ, ড° গোকুল গোস্বামী, অতুল চন্দ্ৰ শৰ্মা, নৰেন্দ্ৰ নাথ তালুকদাৰ আৰু মইনুল হকৰ মুঠ ১৪ খন গ্ৰন্থ উন্মোচন কৰা হয়।উন্মোচন কৰে সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য,নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা,ড° কৃষ্ণকান্ত গৌড়,ড° গীতাঞ্জলি ভূঞা আৰু ড° দীপামণি ভাগৱতীয়ে।নিশা অনুষ্ঠিত হয় ‘ ক্ৰীড়াবিদৰ হিয়াৰ মেল’ শীৰ্ষক অনুষ্ঠান। ইপিনে নলবাৰী ৰাস মহোৎসৱৰ সাংস্কৃতিক বিভাগৰ আহ্বয়াক বিশিষ্ট শিল্পী গোলক বৰ্মনৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত আজি মহোৎসৱৰ মূল মঞ্চ আৰু গ্ৰন্থমেলাৰ মঞ্চৰ সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। ইপিনে নলবাৰী ৰাস মহোৎসৱ শৃংখলিতভাবে উদযাপন কৰাৰ বাবে যথেষ্ট সংখ্যক আৰক্ষীৰ লোক আৰু স্বেচ্ছাসেৱকে প্ৰতিনিয়ত চোকা দৃষ্টি ৰাখিছে যদিও তাৰ মাজতে ৰাসযাত্ৰীৰ ভিৰৰ সুযোগত জেপলুৰুকাই দুই চাৰিজন দৰ্শনাৰ্থীক সৰ্বস্বান্ত কৰাৰ খবৰো পোৱা গৈছে।

The post লোকে লোকাৰণ্য নলবাৰী ৰাসথলীঃ গ্ৰন্থমেলাত উন্মোচিত হ’ল ১৪ খন গ্ৰন্থ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2KIGXXW
via IFTTT

Comments