ভোট বিচাৰি পথাৰ পালে মৰাণৰ শিখামণি

ডিজিটেল সংবাদ, মৰাণঃ সন্মুখত পঞ্চায়ত নিৰ্বাচন। সেয়েহে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে সকলো ৰাজনৈতিক দল। পিছে মৰাণত দেখা গ’ল এক আজৱ দৃশ্য। মৰাণত বৰ্তমান এচাম লোকে শস্য পথাৰত ধান কটাত কৃষকসকলক সহায় কৰিছে।
কৃষকসকলক এই সহায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবেহে। ভোট বিচাৰিহে পথাৰে পথাৰে, ঘৰে ঘৰে এইদৰে ঘূৰি ফুৰিছে এইসকল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী আৰু সমৰ্থক। ১১৫ নং বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাণ দিখাৰী জিলা পৰিষদৰ সদস্যা হিচাপে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী শিখামণি তামুলী গগৈয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱৰ্তীণ হৈছে।
উচ্চ শিক্ষাৰে শিক্ষিত সমাজকৰ্মী শিখামণি তামুলী গগৈৰ হৈ এইসকল সমৰ্থনকাৰী ভোটাৰ ৰাইজে প্ৰাৰ্থী গৰাকীক লগত লৈ ঘৰে-ঘৰে, পথাৰে-পথাৰে ঘূৰি কৰিছে ভোট ভিক্ষা আৰু লগতে মনৰ আনন্দতে নাচিছে বিহু।
The post ভোট বিচাৰি পথাৰ পালে মৰাণৰ শিখামণি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BHOF1P
via IFTTT
Comments
Post a Comment