ত্ৰিপুৰাত নাবালিকাক বলাৎকাৰৰ চেষ্টা চলাই গণপ্ৰহাৰত মৃত্যু অ’এনজিচিৰ শ্ৰমিকৰ

ডিজিটেল সংবাদ, আগৰতলাঃ নাগালেণ্ড আৰু অৰুণাচলৰ দৰে অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে ত্ৰিপুৰাত। ৰাজ্যখনৰ দক্ষিণ প্ৰান্তৰ মহাৰাণী অঞ্চলত গণপ্ৰহাৰত মৃত্যুমুখত পৰে এজন লোক।

নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত স্থানীয় লোকসকলে মঙলবাৰে লোকজনক প্ৰথমে আৱদ্ধ কৰি ৰাখে। ইয়াৰ পিছতে ৪০ বৰ্ষীয় লোকজনৰ ওপৰত আৰম্ভ হয় চৰ, ভুকু, লাঠি, ঘোঁচা। অৱশেষত চিকিৎসালয়লৈ নিয়াৰ পথত প্ৰাণ বায়ু উৰে দালিল মিঞ্চা নামৰ লোকজনৰ।

প্ৰাপ্ত খবৰ অনুযায়ী, অএনজিচিৰ এগৰাকী অস্থায়ী কৰ্মচাৰী দালিলে অঞ্চলটোৰ এগৰাকী নাবালিকাক ঘৰৰ পৰা পানী আনিবলৈ যোৱাৰ পথত বলাৎকাৰৰ চেষ্টা চলায়। ঘটনাত আতংকিত হৈ নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকসকলে ওলাই আহি লোকজনক কৰায়ত্ত কৰে। ইয়াৰ পিছতে গণপ্ৰহাৰ আৰম্ভ হয়।

ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ গণপ্ৰহাৰত আহত দালিল মিঞাক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনা সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীয়ে এই পৰ্যন্ত কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে।

অৱশ্যে স্থানীয় লোকসকলে বলাৎকাৰীৰ শাস্তি এনেধৰণৰে হোৱা উচিত বুলি দাবী কৰি গ্ৰেপ্তাৰ কৰা যুৱককেইজনক এৰি দিবলৈ আৰক্ষীক হেঁচা প্ৰদান কৰাৰ বাতৰি পোৱা গৈছে।

The post ত্ৰিপুৰাত নাবালিকাক বলাৎকাৰৰ চেষ্টা চলাই গণপ্ৰহাৰত মৃত্যু অ’এনজিচিৰ শ্ৰমিকৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q2mkMs
via IFTTT

Comments