অসুস্থ শগুণক চিকিৎসা প্ৰদান

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ জোৱাৰ্দ্দী গাঁৱৰ এখন পথাৰত যোৱা দুদিন ধৰি অসুস্থ হৈ থকা দুষ্প্ৰাপ্য শগুন এটা বৃহস্পতিবাৰে প্ৰকৃতি প্ৰেমী হিমান বৰ্মনে উদ্ধাৰ কৰে। তেঁও উদ্ধাৰ কৰি নলবাৰী জিলা পশু চিকিৎসালয়লৈ আনি চিকিৎসা কৰি বন বিভাগক গতাই দিয়ে।
উল্লেখ্য যে, আছু নেতা তথা প্ৰকৃতিপ্ৰেমী হিমান বৰ্মন আৰু নলবাৰী জিলা ছাত্ৰ সন্থাই বিগত কেইবাবছৰো ধৰি হুদু, শেন, হাড়গিলা, ঈগল, লক্ষী ফেঁচা, সখীয়তি, অষ্ট্ৰেলিয়ান প্ৰজাতিৰ চৰাইকে ধৰি বিভিন্ন দুষ্প্ৰাপ্য চৰাই আহত অৱস্থাত উদ্ধাৰ কৰি সুস্থ কৰাৰ লগতে প্ৰকৃতি সুৰক্ষাৰ বাবে কাম কৰি আহিছে আৰু ৰাইজকো এই বিষয়ত সচেতন কৰাৰ চেষ্টা কৰি আহিছে।
The post অসুস্থ শগুণক চিকিৎসা প্ৰদান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2E3XLs4
via IFTTT
Comments
Post a Comment