ইজৰাইলত মৃত্যু হোৱা নেহাৰ ঘৰ ক’ত?

ডিজিটেল ডেস্কঃ ইজৰাইলত আকস্মিক মৃত্যুক সাৱটি লোৱা নেহা শৰ্মাৰ ঘৰ ক’ত? এই সন্দৰ্ভত ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কৰ হাতত পৰিছেহি শেহতীয়া তথ্য। দেশখনৰ অভিভ চহৰত মৃত্যু হোৱা নেহাৰ ঘৰ ওদালগুৰিত নহয়। ওদালগুৰিৰ মেৰাবিলত জন্ম হৈছিল নেহাৰ। ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কৰ অনুসন্ধানত নেহাৰ এখন জন্মৰ প্ৰমাণপত্ৰ আহি পৰিছে। এই প্ৰমাণপত্ৰত উল্লেখ থকা মতে, ১৯৮০চনৰ ১৬ জুলাইত জন্ম হৈছিল নেহাৰ। তেওঁৰ মাতৃৰ নাম টি শৰ্মা আৰু পিতৃৰ নাম পুষ্পৰাজ শৰ্মা। লক্ষণীয় কথাটো হ’ল- এই প্ৰমাণপত্ৰখনত উল্লেখ থকা মতে, নেহাৰ পৰিয়াল মেৰাবিলত কিছু দিন আছিল। এইখনেই হ’ল সেইখন প্ৰমাণপত্ৰ-

প্ৰমাণপত্ৰখনৰ বিশ্বাসযোগ্যতাক লৈ কিন্তু প্ৰশ্ন উঠে। কিয়নো ১৯৮০চনত দিয়া প্ৰমাণপত্ৰখনত উল্লেখ কৰা আছে ‘Issued under section 12/17 of the Registration of Births and Deaths Act, 1969 and rules 8/13 of the Assam Registration of Births and Deaths Rules, 1999.’

যদি এইখন ১৯৮০চনৰ প্ৰমাণপত্ৰই হয় তেন্তে কেনেকৈ এই প্ৰমাণপত্ৰত ১৯৯৯চনৰ জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধিৰ কথা উল্লেখ আছে?

ইফালে, নেহাৰ পাৰপত্ৰত স্পষ্টকৈ উল্লেখ আছে তেওঁৰ জন্মস্থান মেৰাবিল, অসম বুলি। আৰু তাত উল্লেখ থকা জন্মৰ তাৰিখ প্ৰমাণপত্ৰত উল্লেখ থকাৰ দৰেই ১৬-০৭-১৯৮০ বুলি উল্লেখ আছে। এতিয়া প্ৰশ্ন হয়- এই প্ৰমাণপত্ৰখন পাৰপত্ৰত ব্যৱহাৰ কৰিবৰ বাবে ভুৱাকৈ ধনৰ বিনিয়মত দিছিল নেকি? কিয়নো আমাৰ অনুসন্ধান অহা তথ্য অনুসৰি এক সূত্ৰই ১৯৮৩চনত নেহাৰ পৰিয়াল ওদালগুৰি মেৰাবিলৰ পৰা গুচি যোৱা বুলি দাবী কৰিব খুজিলেও, সেই পৰিয়ালটোক চিনি পোৱা কোনো মানুহ নাই অঞ্চলটোত। সূত্ৰটোৰ মতে, পৰিয়ালটো দিল্লীলৈ গুচি গৈছিল তেতিয়া।

ইফালে আন এক সূত্ৰই দাবী কৰিব খোজে যে, নেহা শৰ্মাৰ এই প্ৰমাণপত্ৰ ভুৱা। প্ৰমাণপত্ৰখনত উল্লেখ থকা তাৰিখত চিকিৎসা বিষয়াই ৮-২-২০০৩ত এই প্ৰমাণপত্ৰ প্ৰদান কৰা বুলি স্বাক্ষৰ কৰিছে। ইজৰাইলত মৃত্যু হোৱা নেহাৰ প্ৰকৃত পৰিচয় এতিয়ালৈকে বাহিৰ হোৱা নাই। দিল্লীৰ পৰা গড়গাঁৱৰ এটা এন জি অ’ৰ জৰিয়তে নেহা ইজৰাইলৈ যোৱা বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত আৰক্ষীয়ে নেহাৰ পৰিয়ালৰ সন্দৰ্ভত কোনো তথ্যই পোৱা নাই ওদালগুৰিত।

The post ইজৰাইলত মৃত্যু হোৱা নেহাৰ ঘৰ ক’ত? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2E5GM8v
via IFTTT

Comments