শীঘ্ৰেই বিজেপিত যোগ দিব অগপৰ ৩ কেবিনেট মন্ত্ৰী!

ডিজিটেল সংবাদ, বোকাখাতঃ অসম গণ পৰিষদৰ পৰা ৰাইজে বহু কিবাকিবি আশা কৰি লাভ নাই। কিয়নো মিত্ৰজোঁটৰ চৰকাৰখনত থকা দলটোৰ তিনি মন্ত্ৰীয়ে অচিৰেই যোগ দিব বিজেপি দলত। বৃহস্পতিবাৰে এই বিস্ফোৰক মন্তব্য কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱে আৰু কয় যে অচিৰেই ৰাজ্য চৰকাৰত ব্যাপক সালসলনি দেখা যাব। এই সালসলনি অনুযায়ী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক আৰএছএছৰ সহায়ত গাদীচ্যুত কৰি মুখ্যমন্ত্ৰীৰ আসন দখল কৰিব বুলিও তেওঁ দাবী কৰে।

বোকাখাতত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে দিনদিয়েক পূৰ্বে হিমন্ত বিশ্বই অগপৰ কংগ্ৰেছৰ সৈতে সম্পৰ্ক থকা বুলি কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সাংসদগৰাকীয়ে কয় যে অগপৰ শীৰ্ষ নেতৃত্বক বিজেপিলৈ নিবলৈ যো-জা চলাই থকা হিমন্তই কৰা তেনে তুলুঙা মন্তব্য কৰি নিজকে হাহিয়াতৰ পাত্ৰ সজাইছে।

অৱশ্যে তেওঁ কয় যে শীৰ্ষ নেতাৰ লগত বুজাপৰা নাই যদিও তৃণমূল পৰ্যায়ত বহু অগপ কৰ্মীয়ে নেতৃত্বৰ কাম-কাজত ক্ষুব্ধ হৈ কংগ্ৰেছলৈ আহিবলৈ সাজু হৈ আছে। উল্লেখ্য যে গৌৰৱ গগৈৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও দুদিন পূৰ্বে সংবাদমেলত কৈছিল যে হিমন্তই কংগ্ৰেছৰ দৰেকৈ বিজেপিতো বিসম্বাদ কৰি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে।

The post শীঘ্ৰেই বিজেপিত যোগ দিব অগপৰ ৩ কেবিনেট মন্ত্ৰী! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BDbYJR
via IFTTT

Comments