নগাঁও প্ৰেছ ক্লাৱত ধঁপাত বিৰোধী জনজাগৰণ সভা
অসমত উদ্বেগ জনক বাবে বৃদ্ধি হৈছে কেঞ্চাৰৰ বেমাৰীৰ সংখ্যাঃ ডাঃ ৰঞ্জন গোস্বামী
ডিজিটেল বাৰ্তা, নগাঁওঃ স্বাস্থ্য বিভাগৰ অধীনত থকা জিলা ধপাত নিয়ন্ত্ৰয়ন কোষ নগাঁৱৰ উদ্যোগত আজি নগাঁও প্ৰেছ ক্লাৱত এখন জনজাগৰণ সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আচনিৰ অধীনত জিলাখনৰ সাংবাদিক সকলৰ মাজত অনুষ্ঠিত এই সজাগতা সভাত মুলতঃ ধপাতৰ ভয়াবহতাৰ ওপৰত আলোকপাত কৰা হয়। সভাত আচনিখনৰ জিলা প্ৰবন্ধক বিষয়া ডাঃ ৰঞ্জন গোস্বামীয়ে আলোচনা দাঙি কয় – ধপাত সেৱনৰ ফলত ভাৰতবৰ্ষত প্ৰতিদিনে ২২০০ জন মানুহ ধপাতজনিত ৰোগত মৃত্যু হয় আৰু একে সময়তে নতুনকৈ ৫৫০০জনকৈ লোক ধপাতৰ প্ৰতি আসক্তি বৃদ্ধি হৈছে। দেশত কেঞ্চাৰ বেমাৰীৰ সংখ্যা বৃদ্ধি হোৱা উল্লেখ কৰি ডাঃ গোস্বামীয়ে কয়- দুৰাৰোগ্য কেঞ্চাৰ বেমাৰীৰ ভিতৰত ৪০ শতাংশ লোকৰ কেঞ্চাৰ একমাত্ৰ ধপাতৰ সেৱন কৰাৰ ফলত হয়। ইয়াৰ ভিতৰত ২৫ শতাংশ মহিলাও আছে। অতি পৰিতাপৰ কথা এই যে ভাৰতবৰ্ষৰ তুলনাত অসমত ১০ শতাংশ লোকৰ ধপাতৰ প্ৰতি আসক্তি বৃদ্ধি হোৱাৰ লগতে উদ্বেগ জনক বাবে বৃদ্ধি হৈছে মাৰাত্মক কেঞ্চাৰ বেমাৰীৰ সংখ্যা। তেওঁ ধপাতৰ ভয়াবহতাৰ প্ৰতি সজাগ হ’বলৈ সকলোকে আহ্বান জনায়। ৰাজহুৱা স্থানত ধপাত সেৱন কৰিলে আইন অনুসৰি, ৫০০০ হাজাৰ টকা জৰিমনা সহ পাচঁ বছৰ পৰ্যন্ত জেল হ’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে। নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই আত ধৰা এই সভাত ডাঃ কবিতা বৰুৱা, আঁচনি সহযোগীদয় ৰুমা বৰদলৈ আৰু ময়ুৰী বৰা আদি উপস্থিত থাকে।
The post নগাঁও প্ৰেছ ক্লাৱত ধঁপাত বিৰোধী জনজাগৰণ সভা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2zvh6hF
via IFTTT
Comments
Post a Comment