নগাঁৱৰ ধিং-মৈৰাবাৰী গড়কাপ্টানী পথত বাইক দুৰ্ঘটনা, নিহত ১

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ ধিং-মৈৰাবাৰী সংযোগী অতি ব্যস্ত গড়কাপ্টানী পথচোৱাত সংঘটিত এক দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হয় ৷ প্ৰাপ্ত তথ্য মতে, নগাঁও-ধিং-মৈৰাবাৰী গড়কপ্তানী পথৰ গংগা ধাবাৰ সন্মুখত নগাঁও অভিমুখী এখন তীব্ৰবেগী বাইক আৰু ব্ৰইলাৰ মুৰ্গী পৰিবহনকাৰী মিনি ট্ৰাকৰ মাজত হোৱা সংৰ্ঘষৰ ফলত এজন বাইক আৰোহী থিতাতে নিহত হয় ৷

মুকচিদুল নামৰ আনজন বাইক আৰোহী গুৰুতৰভাৱে আহত অৱস্থাত একাংশ লোকে নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা প্ৰত্যক্ষ কৰি ৰাইজে বহুবাৰ ১০৮ সেৱালৈ যোগাযোগ কৰে যদিও বহু সময় পাৰ হৈ যোৱাৰ পাছতো কোনো ধৰণৰ সহাঁৰি লাভ নকৰাৰ লগতে জাজৰি আৰক্ষীৰ লোকসকলো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা বুলি অভিযোগ উঠিছে ৷

The post নগাঁৱৰ ধিং-মৈৰাবাৰী গড়কাপ্টানী পথত বাইক দুৰ্ঘটনা, নিহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SjZgFk
via IFTTT

Comments