আৰক্ষী বিভাগত চাকৰিৰ দিয়াৰ নামত প্ৰৱঞ্চনা, নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক যুৱক

গণ বাৰ্তা, নগাঁওঃ বহিঃ ৰাষ্ট্ৰৰ কোম্পানীসমুহত চাকৰি দিয়াৰ প্ৰলোভনেৰে কেবা লক্ষাধিক টকা সংগ্ৰহ কৰা এজন যুৱকক কালি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি আৰক্ষী বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অপৰাধত আন এজন যুৱক নগাঁও আৰক্ষীৰ জালত পৰিছে। আৰক্ষীৰ উপ-পৰিদৰ্শক পদত লিখিত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত এই ধন সংগ্ৰহ কৰিছিল। এই সন্দৰ্ভত সন্দীপন হাজৰিকা নামৰ এজন ভুক্তভোগী যুৱকে নগাঁৱৰ ইটাচালি আৰক্ষী চকীত দিয়া অভিযোগৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক যুৱকজনক। ধৃত যুৱকজন হ’ল নগাঁও চহৰৰ আমোলাপট্টিৰ শৰৎ ৰয়। তেওঁৰ সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

The post আৰক্ষী বিভাগত চাকৰিৰ দিয়াৰ নামত প্ৰৱঞ্চনা, নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক যুৱক appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2AxYzBd
via IFTTT

Comments