৩ ডিচেম্বৰ পৰা অনিৰ্দিষ্টকালীন ধর্মঘট সৰ্বভাৰতীয় বি এছ এন এল ইউনিয়নৰ
ডিজিটেল ডেস্কঃ পাঁচ দফীয়া দাবীলৈ অহা ৩ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিব সৰ্বভাৰতীয় বি এছ এন এলৰ সকলো ইউনিয়ন কৰ্তৃপক্ষই। সেয়েহে ব্যাহত হ’ব পাৰে বেংক সেৱা, এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া, আগন্তক পঞ্চায়ত নিৰ্বাচন লগতে ফলাফল। এই কথা আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল পাতি ঘোষণা কৰিলে অল ইউনিয়নচ এণ্ড এছোচিয়েচন অৱ বি এছ এন এলে।
তেওঁলোকৰ দাবীসমূহ হৈছে বি এছ এন এলক ৪জি স্পেকটামৰ সুবিধা প্ৰদান কৰা। বি এছ এন এল পেঞ্চনাৰসকলৰ পেঞ্চন ৰিভিছন কৰা। প্ৰত্যক্ষভাবে নিয়োগ প্ৰাপ্ত বি এছ এন এল কৰ্মীৰ ৩০ শতাংশ অৱসৰকালিন প্ৰাপ্য হিচাপে প্ৰদান কৰা। পেঞ্চন বেচিক-পেৰ হিচাপত প্ৰদান কৰা আৰু পি এছ ইউৰ নিয়ম অনুসৰি কর্মীসকলৰ দৰমহা বৃদ্ধি কৰা। ইয়াৰ উপৰিও অহাকালিলৈ কামৰূপ জিলা চক্ৰ-বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত গ্ৰহণ কৰিব প্ৰতিবাদ কাৰ্যসূচী।
The post ৩ ডিচেম্বৰ পৰা অনিৰ্দিষ্টকালীন ধর্মঘট সৰ্বভাৰতীয় বি এছ এন এল ইউনিয়নৰ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2TSK57Q
via IFTTT
Comments
Post a Comment