গোলাঘাটত ১৪৪ ধাৰা জাৰি

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ১৪৪ ধাৰাৰ অধীনত এক নিষেধাজ্ঞা জাৰি কৰিছে। ৫ জন বা ততোধিক লোক সমবেত হৈ ধৰ্ণা দিয়া, শুভাযাত্ৰা বাহিৰ কৰা, ধনু কাঁড়, শিল, লাঠি, আগ্নেয়াস্ত্ৰসহ চলা ফুৰা কৰা, আপত্তিজনক দেৱাল লিখন, বেনাৰ-পোষ্টাৰ, কাৰ্টুন অংকন কৰা আদি নিষিদ্ধ কৰা হৈছে।
জুমুঠি দাহ কৰা, পথ অৱৰোধ কৰা আদি কাৰ্য্যৰ পৰা বিৰত থাকিবলৈও প্ৰশাসনে এক নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে একেটা নিদেৰ্শতে পূৰ্বৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত ভাৰতীয় চাহ মজদুৰ সংঘ অথবা অসম চাহ মজদুৰ সংঘৰ কৰ্মকৰ্তাক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। এই কাৰ্যালয়ৰ পৰা কোনো সামগ্ৰী তথা যন্ত্ৰপাতি স্থানান্তৰ নকৰিবৰ বাবেও প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে।
The post গোলাঘাটত ১৪৪ ধাৰা জাৰি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2E4esDO
via IFTTT
Comments
Post a Comment