আঘোণ এতিয়া… ন-খোৱা কেতিয়া?

♦ মৃদুল কুমাৰ সন্দিকৈ

ধান পাতে কাটে। গধূলিত পানী লাগিলে কটা ঠাইবোৰ চেকচেকায়। তথাপিও হাত বাউল দি মাতে সোণোৱালী পথাৰে। সেয়া আছিল শৈশৱৰ দিন। সোণোৱালী পথাৰলৈ যোৱা আমেজেই আছিল বেলেগ। পথাৰ ভৰি থাকে সোণগুটি লখিমীৰে। পুৱাই ঘৰৰ প্ৰায় সকলো মানুহ যায় পথাৰলৈ। দুটা খুটি পুতি এখন কাপোৰ আঁৰি লগত লৈ যোৱা সামগ্ৰীসমূহ থৈ হাত দীঘল চোলা এটা পিন্ধি হাতত তুলি লয় কাঁচি।

হাউলি পৰা পকা ধান এটা দিশৰ পৰা কাটি কটা ধানৰ এটা থোকেৰে মুঠিবোৰ বান্ধি নৰাৰ ওপৰত বিশেষ কায়দাৰে থৈ যায়। এডৰা-দুডৰাকৈ ধানবোৰ কাটি থাকোতে দুখ-ভাগৰ সকলো পাহৰে। সময় কেতিয়া যায় কোনেও ধৰিবকে নোৱাৰে। বেলি মূৰৰ ওপৰত উঠিলে টিফিনত লৈ যোৱা ভাত কলপাতত বাঢ়ি সকলোৱে মিলি খায়। সেই খাদ্যৰ আমেজো বেলেগ।

শীতকালৰ ৰ’দ হ’লেও দুপৰীয়া ৰ’দে ধৰে। সেয়ে খুটা পাতি আঁৰি লোৱা কাপোৰখনৰ তলতে নৰাৰ ওপৰত বহি টেঙা দিয়া বৰালি মাছৰ জোল বা লাই-পুঠি মাছৰ ভাজিৰে দুপৰীয়াৰ সাজ খাই মুহূৰ্তৰ বাবে জিৰণি লয় দাৱনীয়ে। ঠাণ্ডা দিনৰ বেলি মূৰৰ ওপৰত উঠা মানেই পশ্চিমৰ আকাশত বুৰ যাবলৈ কিমাননো পৰ লাগে? চাৰি-চাৰে চাৰি বাজিল মানেই আন্ধাৰ। সেয়েহে আজৰি ল’বলৈ বৰ বেছি সময় নাথাকে।

খোৱাৰ অন্তত পুনৰ কাঁচি চলে। পশ্চিমৰ আকাশত বেলিটো হাউলি পৰিলেই মতা মানুহবোৰৰ ব্যস্ততা বাঢ়ে। কুমলীয়া বাঁহ কাটি বনোৱা টমাল আৰু বিৰিয়াডাল লৈ পথাৰ পায়হি। আগবেলা কাটি যোৱা ধানৰ মুঠিবোৰ হাতৰ ফাঁকত লৈ ৮টাকৈ হিচাপ কৰি গণে- এঠৰ, দুঠৰ। টমালবোৰ নৰাৰ ওপৰতে পাৰি জাপি যায় ধানৰ মুঠিবোৰ। ভাল ধান হ’লে চাৰিঠৰ মুঠিৰে এটা মজবুত ডাঙৰি হয়। তেনেকৈয়ে যুৰীয়া হিচাপত মুঠিবোৰ বান্ধি জোঙা বিৰিয়াপাতেৰে খুচি বিশেষ কায়দাৰে দুফালে দুটা ডাঙৰি গুজি কান্ধত লৈ আগবাঢ়ে ঘৰৰ দিশে। সেয়া এভাৰ। সেই খোজতো ছন্দ থাকে।

দুখ-ভাগৰ পাহৰি ভৰালৰ সন্মুখত ৰৈ খুলি থোৱা বাঁহৰ দৰ্জাখনৰ ফাঁকেৰে ডাঙৰিবোৰ ভৰাই দিয়ে। প্ৰথমে এটা, তাৰ পিছত আনটো। দিনটোত সাত-আঠবাৰ ডাঙৰি অনাৰ পিছত ভাগৰ লাগে। সন্ধিয়াও নামে তেতিয়া। চিকমিক গধূলি ঠাণ্ডা নামে। দাৱনীয়ে হাতৰ কাঁচি সামৰি পুৱাই লগত লৈ যোৱা গৰম কাপোৰ এখন গাত মেলি পথাৰৰ পৰা ঘৰ অভিমুখে আগবাঢ়ে। ভাগৰ বহু লাগে, কিন্তু খোজৰ গতি নকমে।

ঘৰলৈ আহি হাত-মুখ ধুই ঠাণ্ডা বাবে প্ৰথমেই জ্বলাই একুৰা জুই। জুইৰ কাষতে বহি নৰাই কটা হাত-ভৰিত মিঠাতেল ঘঁহি ভাতৰ চৰু পাতে। টোপনিয়ে হেঁচা মাৰি ধৰে। জুহালত বহিয়েই হিচাপ কৰে আৰু কিমান দিন লাগিব ধান কটা শেষ হ’বলৈ? গণি যায় কিমান ডাঙৰি সোমাল ভৰালত। কোনডৰা মাটিত কি খেতি কৰিছে সেই হিচাপ থাকে। সন্মুখত বিহু। সেই অনুপাতে ধানবোৰ আহিছে নে নাই তাৰ আলোচনা চলে।

চিৰা খাবৰ বাবে এফিডিয়া, কোমল চাউলৰ বাবে আছুতীয়াকৈ ৰাখে ধান। নলচিটিকি ধানৰ ভাত বৰ মিঠা। কুনকুনি জহা ধানৰ চাউল হাঁহৰ মাংসৰে খাবলৈ বৰ সোৱাদ। পিঠাৰ বাবে কৰে বৰা ধানৰ খেতি। ঠাই অনুসৰি কত কি নাম! থলুৱা প্ৰজাতিৰ এই ধানবোৰ এতিয়া বহু ঠাইতে নাই। কিন্তু এদিন ভাগে ভাগে খেতি কৰিছিল প্ৰয়োজন অনুসৰি।

এৰী ছাদৰ লৈ জুইৰ কাষত বহি থকা গৃহস্থয়ো জোৰ দিয়ে দাৱনীক। বিহুলৈ বেছি দিন নাই, ধান কাটি শেষ হ’লেই খাব পাৰি ন-খোৱা। ঘৰতে পোহা হাঁহ সাজু কৰি থোৱা থাকে ন-খোৱাৰ বাবে। ছালিৰ কোমোৰাবোৰো বগা পৰি পূৰঠ হৈ আছে। দিন ল’লেই হ’ল, সকলো সাজু। ঘৰৰ ল’ৰা-ছোৱালীবোৰে পথাৰলৈ যোৱাৰ বাবে কি যে স্ফূৰ্তি! নৰাৰ পেঁপা বজাই ইফালৰ পৰা সিফাললৈ পথাৰৰ আলিয়ে আলিয়ে দৌৰি ফুৰে। পেঁ পেঁ পেঁপা বাজে। কেৱল এটাই নে, গোটেই পথাৰখন পেঁপাৰ মাতত ৰজনজনাই যায়। নৰা পেঁপা বজাই ওমলা সেই শৈশৱ কিমান বিনন্দীয়া সেয়া বুজাইহে বুজে।

কোনো কোনোৱে গায়, ‘নৰা পেঁপা বাজিছে, মাঘৰ বিহু আহিছে।’ কি দিন আছিল সেইবোৰ! সোণোৱালী ধাননি পথাৰত হেৰাই গ’ল সোণোৱালী শৈশৱ। ঘৰৰ লখিমী ঘৰৰ মানুহেই লাগি ভাগি চপাই আনিছিল। ধান কাটি শেষ হোৱাৰ পিছত ভাল দিন-বাৰ চাই আয়োজন কৰা হয় ন-খোৱা। নতুন চাউলেৰে লগে-ভাগে এসাজ। বিধে-বিধে শাক-পাচলি উভৈনদী। চুঙাত দিয়া চাউল, হাঁহৰ মাংস, পছলা-কুকুৰাৰ আঞ্জা, মূলাৰে শ’লমাছ, পাতত দিয়া মাছ, মাটি মাহৰ দাইল, বাৰীৰ চুকত খান্দি উলিওৱা কাঠ আলু-লাই শাকৰ আঞ্জা- এই সকলোবোৰৰেই আছিল পৃথক স্বাদ। কলপাত বা কল পটুৱাত নতুন চাউলেৰে প্ৰথম সাজ নীতি-নিয়মেৰে খোৱা হয় ন-খোৱাত। মাঘৰ বিহুলৈকে চলে এই ভোগ-সম্ভাৰ।

ভোগৰ দিন এই কেইটা। সমৃদ্ধিৰে ভৰি পৰে ঘৰ। কষ্টৰ অন্তত গৃহস্থৰ মুখত বিৰিঙে প্ৰাপ্তিৰ হাঁহি। বছৰটোৰ বাবে ধানকেইটা পোৱাৰ পিছত বাকী চিন্তা আৰু নাথাকে। ঘৰৰ বাৰীত শাক-পাচলি, পুখুৰীত মাছ, নিজেই পেৰি লোৱা খাটি সৰিয়হৰ তেল, বাৰীৰ হালধি সকলোৱেই উপলব্ধ এক স্বাৱলম্বী জীৱন আছিল অসমীয়া মানুহৰ।

আঘোণৰ সোণোৱালী পথাৰৰ আন এক দৃশ্যই বাৰুকৈয়ে আমনি কৰে এতিয়া। গাঁৱৰ দুই-এঠাইত এতিয়াও আছে সেই দিন। দুপৰীয়া কলপাতত কেঁচীৰে কটা ৰবাব টেঙা, বাৰীৰ ক’লা জলকীয়াকেইটা সানি লগে-ভাগে খোৱা সেই তৃপ্তি যিয়ে পাইছে তেওঁৰ জিভাত আজিও সেই কথা মনত পৰিলে পানী ওলাব। কষ্টকৰ জীৱনৰ মাজত সেই সুখৰ আমেজ আৰু সুখানুভূতিয়ে অসমীয়া সমাজ জীৱনৰ কৃষিজীৱি মানুহক অন্য মাত্ৰা দিছিল। আন শ্ৰমিক বা কৃষিজীৱিতকৈ পৃথক আছিল আমাৰ এই জীৱনবোধ। মৰ্যাদাপূৰ্ণ আৰু স্বাৱলম্বী জীৱনৰ মাজত আছিল পৰম প্ৰাপ্তি। সুদখোৰ মহাজন, ঋণৰ বোজা আদি নাছিল অসমীয়া কৃষকৰ মূৰত। যি পাই সেয়া আছিল নিজৰ। নিজৰ খেতিৰ মাটিত নিজৰ খেতি।

আমাৰ কৃষি প্ৰধান সমাজ ব্যৱস্থাত আধুনিকতাৰ পয়োভৰ ঘটিল। থলুৱা তৃপ্তিদায়ক ধানৰ সঁচবোৰ লাহে লাহে হেৰাল। অসমৰ জলবায়ুৰ সৈতে খাপ খোৱা আছিল এই ধানবোৰ। এঠা থকা সু্স্বাদু এই ধানবোৰ কিবা কাৰণত এলাগী হৈ পৰিল। তাৰ স্থান ল’লে বেছি উৎপাদন ক্ষমতা থকা সংকৰিত ধানে। কিন্তু এই ধানবোৰৰ স্থায়িত্ব এবছৰহে। ইয়াক পুনৰ কঠিয়া ৰূপে ব্যৱহাৰ কৰিব নোৱাৰি।

আগতে বাঁহৰ টোম বনাই তাত খেৰ দি ধানবোৰ থৈ দিয়া হৈছিল ভৰালত। সেয়া সঁচৰ ধান। আহাৰ-শাওণৰ পূৰ্বে সেই ধানবোৰ পানীত তিয়াই গজালি মেলাই বোকা কৰি লোৱা ওখ স্থানত ঘন ঘনকৈ সিঁচি দিয়া হয়। কাৰো নিৰ্ভৰশীল নাছিল খেতিয়কসকল। ভাগে ভাগে ধানৰ বীজ থৈ গৈছিল। দিনৰ পিছত দিন ধৰি সেই পৰম্পৰাৰে ধানৰ সঁচ ৰৈ গৈছিল। এতিয়া সেই দিন প্ৰায় নাই। উচ্চ বৰ্ণ সংকৰিত ধানৰ বীজৰ বাবে কাৰোবাৰ ওপৰত খেতিয়ক নিৰ্ভৰশীল। হেৰাই গ’ল অসমীয়া খেতিয়কৰো স্ব-নিৰ্ভৰশীলতা।

আঘোণাৰ পথাৰতো আগৰ দৰে ব্যস্ততা দেখা পোৱা নাযায়। অসমীয়া জীয়াৰী-বোৱাৰী বহুতেই পথাৰত নামি হাতত কাঁচি লৈ ধান কাটিব নিবিচাৰে। পূৰ্বতে গৰুৰে হাল বাইছিল। বোকা দিছিল। মাটি-পানীৰ গোন্ধ লৈ ৰোৱনীয়ে ধান ৰুইছিল। হাতৰ টিপাত থকা কঠিয়া মুঠিৰ পৰা দুই আঙুলিৰে এজোপা দুজোপাকৈ নি বোকাত ৰুইছিল। কাৰো ওপৰত নিৰ্ভৰশীল নাছিল অসমীয়া পৰিয়াল।

এতিয়া ধান ৰোৱা আৰু কটাৰ সময়ত মানুহ বিচাৰি হাহাকাৰ কৰে বহুতে। ধান ৰুবলৈ হাজিৰাত মানুহ লাগে। ধান কাটিবলৈ হাজিৰাত মানুহ বিচাৰে। কেতিয়াবা এনে বিজ্ঞাপনো চকুত পৰে-

আৱশ্যাকঃ
ধান কাটিবলৈ মানুহৰ আৱশ্যাক।
বয়সঃ কোনো উচ্চসীমা নাই।
অভিজ্ঞতাঃ পূৰ্বতে ধান কটা অভিজ্ঞতা থকা লোকক অগ্ৰাধিকাৰ দিয়া হ’ব।
পাৰিতোষিকঃ বিঘাই প্ৰতি ঠিকাত বা প্ৰতিদিনে ২০০ টকাকৈ ল’ব পাৰিব।
ধান কটা লোকসকল পুৰুষ বা মহিলা হ’লেও হ’ব। দুপৰীয়া খোৱা-বোৱাৰ ব্যৱস্থা কৰা হ’ব।

অসমীয়া মানুহ আছিল অত্যন্ত স্ব-নিৰ্ভৰশীল। সময়মতে কাম কৰি মানুহে উপভোগ কৰিছিল জীৱনৰ মাদকতা। লাহে লাহে সেই মাদকতাবোৰ যেন আমি হেৰুৱাই পেলাইছো। গৰুৰ গাড়ীৰে পথাৰৰ পৰা ধান কঢ়িওৱা সেই দিনবোৰ এতিয়া ট্ৰেক্টৰত প্ৰতিফলিত হয়। গৰুৰে মৰণা মাৰিলে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছিল। সেই দিনো হেৰাই যোৱাৰ দৰে।

এতিয়াও পথাৰত নৰাই কাটে। কিন্তু অসমীয়াক নহয়, ভাৰাত অনা মানুহকেইটাক। অসমীয়া সমাজ জীৱনৰ কৃষিজীৱি মানুহৰ সোণোৱালী শৈশৱ সজীৱ কৰি থোৱা আঘোণৰ সোণোৱালী পথাৰখনত বিচাৰি পাবলৈ নাই আগৰ সেই আমেজ। তথাপিও আঘোণ আহিলে মনত পৰে সেই দিনবোৰলৈ। কুঁৱলীত তিতি থকা নৰা, পুৱাৰ কোমল বেলিৰ আমেজভৰা ৰ’দে এতিয়াও বহুতকে ৰিঙিয়াই সেই ধাননি পথাৰলৈ।

The post আঘোণ এতিয়া… ন-খোৱা কেতিয়া? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2E5cG5g
via IFTTT

Comments