প্ৰেমিক পুত্ৰৰ বাবে পিতৃক কাৰাগাৰলৈ নিক্ষেপ, প্ৰতিবাদত উত্তাল টংলা

ডিজিটেল সংবাদ, টংলাঃ অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ ওদালগুৰি জিলা সমিতিৰ নেতৃত্বত বৃহস্পতিবাৰে কেইবা শতাধিক পুৰুষ-মহিলাই হাতে-হাতে বেনাৰ, প্লে’কাৰ্ড লৈ অযুক্তিকৰ কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰফুল্ল শৰ্মা নামৰ ষাঠি বছৰীয়া লোকজনক মুক্তি দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰফুল্ল শৰ্মাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত বিভিন্ন শ্ল’গানেৰে টংলা থানাৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে সংগঠনটোৱে৷
জানিব পৰা মতে ওদালগুৰি জিলাৰ হাতীবান্ধা গাঁৱৰ জ্যোতিষ শৰ্মা নামৰ এজন যুৱকে দৰং জিলাৰ ব্যাসপাৰাৰ এগৰাকী যুৱতীক দীৰ্ঘদিনীয়া প্ৰেমৰ সূত্ৰে পলোৱাই অনাৰ পিছত যুৱতীগৰাকীৰ পৰিয়ালে জ্যোতিষ শৰ্মাই যুৱতীগৰাকীক অপহৰণ কৰি অনা বুলি আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। এজাহাৰখনৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ ঘৰত তালাচী চলাই যুৱক-যুৱতীহালক নাপাই যুৱকজনৰ পিতৃ প্ৰফুল্ল শৰ্মা আৰু মাতৃ পদুমী দেৱীক আটক কৰি থানালৈ আনে৷
পিছত প্ৰফুল্ল শৰ্মাক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে৷ জ্যোতিষ শৰ্মাৰ সৈতে ব্যাসপাৰা নিবাসী কেশৱ শৰ্মাৰ জীয়ৰী পিংকী দেৱীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ পৰিনতিতহে দুয়োজনে পলাই আহে, জ্যোতিষ শৰ্মাই পিংকীক অপহৰণ কৰা নাই বুলি হাতীবান্ধা, চাৰণপাৰা অঞ্চলৰ ৰাইজে আৰক্ষীক অৱগত কৰাৰ পিছতো আৰক্ষীয়ে এনেদৰে যুৱক-যুৱতীহালক উলিয়াই দিয়াৰ দাবীত প্ৰফুল্ল শৰ্মাক গ্ৰেপ্তাৰ কৰা আৰু মহিলা আৰক্ষী অবিহনে পদুমী দেৱীক আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদৰ লগতে আৰক্ষীৰ এনে হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে আজি সংগঠনটোৱে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰফুল্ল শৰ্মাক বিনাচৰ্তে মোকলাই দিয়া, এই ঘটনাক কেন্দ্ৰ কৰি চাৰণপাৰা-হাতীবান্ধা গাঁওবাসী তথা জ্যোতিষ শৰ্মাৰ পৰিয়ালক হাৰাশাস্তি বন্ধ কৰা, বুঢ়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা, প্ৰফুল্ল শৰ্মাৰ চপাবলগীয়া দহ বিঘা ধানৰ বিনিময়ত ক্ষতিপূৰণ আদায় দিয়া আৰু পদুমী দেৱীৰ চিকিৎসাৰ ব্যয় বহন কৰাৰ দাবী জনোৱাৰ উপৰি আৰক্ষী আৰু যুৱতীগৰাকীৰ পৰিয়ালৰ ভয়ত পলায়ন কৰা যুৱক-যুৱতীহালৰ কোনো ক্ষয়ক্ষতি হ’লে আৰক্ষী আৰু যুৱতীগৰাকীৰ পৰিয়ালে দায়ী হ’ব বুলি মহিলা সংগঠনটোয়ে সকীয়াই দিয়ে ৷
The post প্ৰেমিক পুত্ৰৰ বাবে পিতৃক কাৰাগাৰলৈ নিক্ষেপ, প্ৰতিবাদত উত্তাল টংলা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RrR6ep
via IFTTT
Comments
Post a Comment