নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ আন্তঃৰাষ্ট্ৰীয় শিখৰ সন্মান

ডিজিটেল ডেস্ক, নগাঁওঃ নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান আনুপূৰ্ব্বিক চিত্ৰ-ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ তথা যুৱ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ ইন্টাৰনেচনেল অ’নাৰ এৱাৰ্ড- ২০১৮ আগবঢ়াইছে। পশ্চিম বংগৰ ব্যাঙ্কোয়েট প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজীৱ দাসক এই সন্মান প্ৰদান কৰা হয়। এই সন্মানত আছে এখন মানপত্ৰ, ট্ৰফীৰ লগতে বিভিন্ন উপহাৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষা, সাংস্কৃতিক আদি দিশত পাৰদৰ্শিতাকতা দেখুওৱা ৰাজীৱ দাসৰ এই কৃতৃত্বই অসমৰ লগতে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। দীৰ্ঘদিনৰ ধৰি চিত্ৰশিল্পৰ লগত জড়িত হৈ থকা ৰাজীৱ দাসে ইতিপূৰ্বেও অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা ডঃ অম্বেদকাৰ বঁটা, নন্দশ্ৰী বঁটা, যুৱ বঁটা, ৰাষ্টীয় শিখৰ সন্মান-২০১৭, চিত্ৰকৃৎ বঁটা, জাতীয় ফটোগ্ৰাফী বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰি নগাঁৱৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
The post নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ আন্তঃৰাষ্ট্ৰীয় শিখৰ সন্মান appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2FPhE7W
via IFTTT
Comments
Post a Comment