ওদালগুৰিৰ অব্যাহত আছে হাতী মানুহৰ সংঘাতঃ পুনৰ হাতীৰ আক্ৰমণত প্ৰাণ গল এজনৰ
গণবাৰ্তা বিশেষ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত। আজি পুৱতি নিশা ১ বজাত জিলা খনৰ দুই নং বামুনজুলিত হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গল দল বাহাদুৰ টামাং (৪২) নামৰ এজন লোকৰ। নিশা গাওখনৰ ৩০/৪০ টা এটাৰ হাতীৰ জাকে খেতি পথাৰত প্ৰৱেশ কৰি উপদ্ৰৱ চলাওতে হাতীৰ জাকটোক খেদিবলৈ যাওতেই এটা হাতীয়ে আক্ৰমণ কৰে টামাঙক। ঘটনাস্থলীতে গুৰুতৰভাৱে আহত টামাঙক চিকিৎসায়লৈ আনি থকা অৱস্থাতে মৃত্যু হয়। উল্লেখ জিলা খনত এই বৰ্ষতে হাতী মানুহৰ সংঘাটৰ ফলত মৃত্যু হৈছে কেইবাজনো লোকৰ কিন্তু হাতী মানুহৰ সংঘাত ৰোধত এতিয়াও সফল নহল ৰাজ্যৰ বন বিভাগ।
The post ওদালগুৰিৰ অব্যাহত আছে হাতী মানুহৰ সংঘাতঃ পুনৰ হাতীৰ আক্ৰমণত প্ৰাণ গল এজনৰ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2ABLGpS
via IFTTT
Comments
Post a Comment