নামবৰ অভয়াৰণ্যত চিকিৎসালয়ৰ বৰ্জিত সামগ্ৰীৰ দ’ম

ডিজিটেল সংবাদ, গোলাঘাটঃ কোনোবা দায়িত্বজ্ঞানহীন চিকিৎসালয় কৰ্তৃপক্ষই গোলাঘাট জিলাৰ অন্তৰ্গত নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত চিকিৎসালয়ৰ বৰ্জিত চিকিৎসা সামগ্ৰী পেলোৱা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে পাটকাই ট্ৰেকাৰ্ছ নামৰ প্ৰকৃতি প্ৰেমী সংগঠনটোৱে। সংগঠনটোৰ বিষয়ববীয়াসকলে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, অভয়াৰণ্যখনৰ টেঙানী ঘাটৰ সমীপত অৰণ্যখনৰ মাজৰ এটা হাতী ডণ্ডীত প্ৰায় ছল্লিশ বস্তা চিৰিঞ্জ, বেজী, চেলাইন, চেলাইনৰ পাইপ, বটল, লেতেৰা কপাহ আদি পেলাই থোৱাৰ ফলত অভয়াৰণ্যখনৰ বন্য পৰিবেশ বিঘ্নিত হৈছে।

হাতীকে ধৰি অভয়াৰণ্যখনৰ বন্যপ্ৰাণীবোৰৰ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা হাতীৰ জাকে অন্য পথেৰে গৈ ধাননী পথাৰৰ ধান তহিলং কৰিছে। যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে বুলিও সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে। সংগঠনটোৱে ইতিমধ্যে বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ কৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

The post নামবৰ অভয়াৰণ্যত চিকিৎসালয়ৰ বৰ্জিত সামগ্ৰীৰ দ’ম appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Sjs4xL
via IFTTT

Comments