পত্নীৰ নগ্ন ছবি ইণ্টাৰনেটত আপলোড কৰি ৰঙাঘৰত ভাৰতীয় নৌ সেনাৰ বিষয়া

ডিজিটেল ডেস্কঃ পত্নীৰ নগ্ন ছবি ইণ্টাৰনেটত আপলোড কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়াত পৰিছে ভাৰতীয় নৌসেনাৰ এজন কমাণ্ডাৰ। পত্নীৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে পুণেৰ পৰা সম্প্ৰতি নতুন দিল্লীত কৰ্মৰত ৩৯ বৰ্ষীয় নৌসেনা বিষয়াজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
‘টাইমছ অব ইণ্ডিয়া’ত প্ৰকাশিত বাতৰি অনুযায়ী চাকৰি হেৰুওৱাৰ উপক্ৰম ঘটা এইজন নৌসেনা বিষয়াই পত্নীৰ লগতে তেওঁৰ কেবাগৰাকী সহকৰ্মীৰ গোপন ছবি গুগল ফটোত আপলোড কৰি আহিছিল। আৰক্ষীয়ে জনোৱা মতে নৌসেনা বিষয়াগৰাকীৰ পত্নী হৈছে ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন কেপ্টেইন।
সেনাবাহিনীৰ প্ৰাক্তন কেপ্টেইন পত্নীয়ে উত্থাপন কৰা অভিযোগ অনুযায়ী বিগত কেবাবছৰ ধৰি পৰ্ণ আসক্ত হৈ পৰিছিল নৌসেনাত কৰ্মৰত তেওঁৰ স্বামী। মাজনিশা পৰ্যন্ত লেপটপত অনলাইনযোগে অশ্লীল ছবি আৰু ভিডিঅ’ চাই আহিছিল বুলিও পত্নীয়ে আৰক্ষীক জনাইছে।
বাৰম্বাৰ বুজোৱাৰ পিছতো কোনো পৰিৱৰ্তন নেদেখি বিষয়তো শহুৰ-শাহুৱেককো অৱগত কৰে পত্নীয়ে। আনকি বিশেষজ্ঞৰ কাষলৈকো স্বামীক লৈ গৈছিল পত্নীয়ে। তৎসত্বেও কোনো সুফল নাপালে দুটি সন্তানৰ মাতৃ মহিলাগৰাকীয়ে।
ইাৰ মাজতে কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে জানিব পাৰে যে নৌসেনাৰ কমাণ্ডাৰ স্বামীয়ে তেওঁৰ কেবাখনো অন্তৰংগ মুহূৰ্তৰ ছবি গুগল ফটোত আপলোড কৰিছে। কেৱল সিমানেই নহয়, কেবাগৰাকী সহকৰ্মীৰ তেনে ছবিও আপলোড কৰা দেখিবলৈ পাই সেই বিষয়ে জনোৱাত ওলোটাই স্বামীয়ে তেওঁক ধমকহে দিয়ে।
ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী। স্বামীৰ কাণ্ড-কাৰখানাত বিৰক্ত হৈ দুই সন্তানসহ মাতৃগৃহলৈ গৈ বিবাহ বিচ্ছেদৰ বাবেও আবেদন জনাইছে কমাণ্ডাৰজনৰ পত্নীয়ে। স্বামীৰ সমগ্ৰ কু-কীৰ্তিৰ কথা বিৱৰি নৌসেনাৰ শীৰ্ষ বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে কমাণ্ডাৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ যো-জা চলিছে বুলিও জানিব পৰা গৈছে।
The post পত্নীৰ নগ্ন ছবি ইণ্টাৰনেটত আপলোড কৰি ৰঙাঘৰত ভাৰতীয় নৌ সেনাৰ বিষয়া appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zvr0Ab
via IFTTT
Comments
Post a Comment