চোৰাং চিকাৰীক হত্যাৰে গঁড় সংৰক্ষণ অসম্ভৱ, লণ্ডনৰ পৰা ক’লে ছফি গ্ৰিগে

ডিজিটেল সংবাদ, গুৱাহাটীঃ সংৰক্ষিত বনাঞ্চলৰ নিকটৱৰ্তী অঞ্চলত যুগ যুগ ধৰি বাস কৰা থলুৱা জনগোষ্ঠীক আস্থাত নল’লে বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ সম্ভৱ নহয়। কেৱল অস্ত্ৰ-শস্ত্ৰৰে বনৰক্ষীক সজ্জিত কৰি বনভূমি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰক্ৰিয়াটো অধিক জটিলতাৰ ফালেহে ঠেলি দিয়া হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ ‘মিট দ্য প্ৰেছ’ অনুষ্ঠানত অংশগ্ৰহণ কৰি লণ্ডনস্থিত ছাৰভাইভেল ইণ্টাৰনেশ্যনেলৰ যোগাযোগ বিষয়া ছফি গ্ৰিগে এইদৰে কয়। আন্তঃৰাষ্ট্ৰীয় জনজাতি অধিকাৰ মঞ্চৰ মুখ্য কাৰ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সাংবাদিকক উদ্দেশ্যি ছফিয়ে আৰু কয় যে প্ৰায়ে বনবিভাগে দুৰ্নীতি আৰু অকৰ্মণ্যতা ঢাকি ৰাখিবলৈ দাতিকাষৰীয়া অঞ্চলৰ থলুৱা জনগোষ্ঠীক আতংকিত কৰাৰ চেষ্টা চলায়।

এই সন্দৰ্ভত কাজিৰঙা প্ৰসংগ উল্লেখ কৰি ছফিয়ে বিশ্বখ্যাত উদ্যানখনত কিছুদিন আগলৈ নিৰ্বিচাৰ হত্যালীলা চলি আহিছিল বুলি উল্লেখ কৰে। আনকি বিগত ৫টা বছৰত গঁড় হত্যাৰ ঘটনাৰ লগে লগে চোৰাং চিকাৰীৰ মৃত্যুৰ ঘটনাও সমানে হৈছিল বুলি যুক্তি দৰ্শায়। চোৰাং চিকাৰীক কৰায়ত্ত নকৰি থিতাতে হত্যা কৰাৰ ফলত নেপথ্যৰ শক্তিসমূহৰ চিনাক্তকৰণ কঠিন হৈ পৰে। ফলত চোৰাং চিকাৰীৰ মৃত্যুৰ পিছত একেটা চক্ৰই নতুন চোৰাং চিকাৰীৰ জন্ম দিয়ে। তাতকৈ ভাৰত চৰকাৰে চোৰাং চিকাৰীৰ নেপথ্য শক্তিক চিনাক্ত কৰি আইনগতভাৱে শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলিও ছফিয়ে মন্তব্য কৰে।

উল্লেখ্য যে যোৱা বছৰ বিবিচিয়ে এক তথ্যচিত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচ’ৰাত চলি থকা বে-আইনী হত্যালীলাৰ প্ৰসংগ উত্থাপন কৰিছিল। দেখা মাত্ৰেই গুলী কৰাৰ নীতিৰ আধাৰত কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বাহিনীয়ে বহু লোকক প্ৰাণে মৰা প্ৰসংগ তথ্যচিত্ৰখনত সন্নিবিষ্ট হৈছিল। তথ্যচিত্ৰখনৰ প্ৰচাৰৰ পিছতেই চৰকাৰে বিবিচিৰ সাংবাদিকগৰাকীক নিষিদ্ধ ঘোষণা কৰি ভাৰতৰ কোনো ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত চেনেলটোৰ প্ৰৱেশত বাধা আৰোপ কৰিছিল। শেহতীয়াকৈ বিবিচি কৰ্তৃপক্ষই ভাৰত চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰি দুখ প্ৰকাশ কৰিছে।

ছফিয়ে এই বাৰ্তালাপত স্পষ্ট কৰি দিয়ে যে বিবিচিৰ পত্ৰখনত তেওঁলোকৰ বাতৰিৰ সত্যতা সম্পৰ্কত কোনো সন্দেহ প্ৰকাশ কৰা নাছিল। কেৱল সেই বাতৰিৰ দ্বাৰা যদি কাজিৰঙাৰ ভাৱমূৰ্তি ম্লান হৈছে তাৰ বাবেহে দুখ প্ৰকাশ কৰিছিল।

থলুৱা জনগোষ্ঠীৰ বনভূমি সম্পৰ্কীয় পৰম্পৰাগত জ্ঞানক সদায় সন্মান জনাব লাগে বুলি উল্লেখ কৰি ছফিয়ে বন বিভাগক সেই জ্ঞানৰ আধাৰত আঁচনি ৰূপায়ণত গুৰুত্ব দিব লাগে বুলি প্ৰকাশ কৰে।

আনহাতে, আন্দামানত শেহতীয়াকৈ এজন আমেৰিকান নাগৰিকৰ মৃত্যুৰ ঘটনা উল্লেখ কৰি ছফিয়ে তেওঁৰ মৃতদেহ উদ্ধাৰৰ কোনো পদক্ষেপ নল’বলৈ আহ্বান জনায়। ছফিৰ মতে এতিয়া এদল মানুহ গৈ তেওঁৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলালে সমগ্ৰ গোষ্ঠীটো নিশ্চিহ্ন হৈ যোৱাৰ আশংকা থাকিব। কাৰণ হাজাৰ হাজাৰ বছৰ ধৰি আন্দামানৰ এটা সৰু দ্বীপত বাস কৰা আদিম জনগোষ্ঠীটোৰ প্ৰতিজন সদস্য সংক্ৰামক ৰোগৰ চিকাৰ হ’ব পাৰে। এই সংক্ৰান্তত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আমেৰিকা আৰু ভাৰত চৰকাৰক ছাৰভাইভেল ইণ্টাৰনেছনেলে আহ্বান জনাইছে বুলিও সদৰী কৰে ছফিয়ে।

The post চোৰাং চিকাৰীক হত্যাৰে গঁড় সংৰক্ষণ অসম্ভৱ, লণ্ডনৰ পৰা ক’লে ছফি গ্ৰিগে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Sn0TSH
via IFTTT

Comments