হাফপেণ্ট পিন্ধি বিপদত কোহলি, টুইটাৰত খাইছে গালি

ডিজিটেল ডেস্কঃ হাফপেণ্ট পিন্ধি ট্ৰলৰ সন্মুখীন হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি। বৃহস্পতিবাৰে অষ্ট্ৰেলিয়া একাদশৰ বিৰুদ্ধে অনুষ্ঠিত অনুশীলন মেচৰ টছৰ সময়ত হাফপেণ্ট পিন্ধি খেলপথাৰত উপস্থিত হয় কোহলি।

ছিডনীত অনুষ্ঠিত মেচখন বুধবাৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে আজিহে টছ কৰা হয়। টছৰ সময়ত এনেদৰে হাফপেণ্ট পিন্ধা প্ৰত্যক্ষ কৰি ক্ৰিকেটাৰগৰাকীৰ ড্ৰেছকোডক লৈ প্ৰশ্ন উত্থাপন কৰিছে বহু ক্ৰিকেট প্ৰেমীয়ে।

কোহলিৰ বিপৰীতে অষ্ট্ৰেলিয়া একাদশৰ অধিনায়ক ছেম হোৱাইটমেনে অৱশ্যে দলীয় পোছাকতে খেলপথাৰলৈ আহে। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত ভিন্নজনে কোহলিক সমালোচনাৰে থকা-সৰকা কৰে।

কোনো কোনোৱে এছিয়া কাপৰ এখন মেচত ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে পাকিস্তানৰ অধিনায়ক ফখৰ জামাই টছৰ সময়ত টুপি ঠিক ধৰণে নিপিন্ধা বাবে আপত্তি দৰ্শোৱাৰ কথাও কোহলিক সোঁৱৰাই দিয়ে। আন একাংশ লোকে আকৌ দাবী কৰিছে যে অনুশীলন মেচত ফৰ্মেল ড্ৰেছ অথবা দলীয় জাৰ্ছী পৰিধান কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই।

হাফপেণ্টক লৈ ট্ৰলৰ সন্মুখীন হোৱাৰ বিপৰীতে মেচখনত অষ্ট্ৰেলিয়া একাদশৰ বিৰুদ্ধে অৰ্ধশতকীয় ইনিংছ খেলে সুন্দৰ ফৰ্মত থকা কোহলিয়ে। দলীয় ইনিংছত কোহলিয়ে ৬৪ ৰান যোগ দিয়াৰ লগতে আৰু ৫ বেটছমেনে অৰ্ধশতক সংগ্ৰহ কৰে।

বৰ্ষা বিঘ্নিত অনুশীলন মেচখনত ভাৰতে দ্বিতীয় দিনা ৯২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৫৮ ৰান। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়া একাদশে দিনান্তত ৪ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ স্ক’ৰ কৰিছে ২৪ ৰান।

The post হাফপেণ্ট পিন্ধি বিপদত কোহলি, টুইটাৰত খাইছে গালি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BHbQJx
via IFTTT

Comments