চৰিত্ৰহীন আখ্যা দি মিত্ৰদল অগপক আক্ৰমণ মুখ্যমন্ত্ৰী সোণোৱালৰ

ডিজিটেল সংবাদ, মৰিগাঁওঃ ‘কংগ্ৰেছে পঞ্চায়ত পৰ্যায়ৰ পৰা দুৰ্নীতি কৰিছিল। কাউঞ্চিলৰ, সভাপতি, সদস্যা সকলোৱে আত্মসাৎ কৰিছিল দুখীয়াৰ ধন। অগপো সেই কংগ্ৰেছ দলৰ লগ লাগিছে বুলি বাতৰি ওলাইছে। গতিকে ৰাইজ এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে যেন ভুলৰ পুনৰাবৃত্তি নকৰে।’- মৰিগাঁৱৰ নিৰ্বাচনী সভাত ভাগ লৈ শুকুৰবাৰে বিৰোধী কংগ্ৰেছৰ লগতে মিত্ৰদল অগপকো আক্ৰমণৰ লক্ষ্য কৰি লৈ এইদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মিত্ৰদল অগপৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মতানৈক্যই দেখা দিয়াৰ পিছতো বিষয়টো সন্দৰ্ভত নীৰৱ হৈ থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ সভাখনত কৰা মন্তব্যই দল দুটাৰ মাজৰ সংঘাত তুংগত কৰি তোলাতো প্ৰায় স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অগপই বিজেপিৰ লগত চৰকাৰত থাকিও কংগ্ৰেছৰ দৰে দল এটাৰ সৈতে গোপনে মিতিৰালি কৰাতো দুৰ্ভাগ্যজনক।
‘কংগ্ৰেছৰ বিৰোধিতা কৰি এদিন অগপ দলৰ জন্ম হৈছিল। সেই অগপ দলে কংগ্ৰেছৰ সৈতে মিতিৰালি পাতিছে বুলি বাতৰিত প্ৰকাশ পাইছে। এয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক। এনেকৈয়ে এতিয়া প্ৰতিটো দলৰ প্ৰকৃত চৰিত্ৰ ওলাই পৰিছে।’- বিজেপি দলৰ চৰিত্ৰ স্পষ্ট বুলি উল্লেখ কৰি এইদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে।
সভাখনত দুৰ্নীতিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে ৩ লাখ ২২ হাজাৰ দৰিদ্ৰ লোকৰ বাবে আৱাস যোজনাৰ নামত অহা ধন আত্মসাৎ কৰিছিল বুলিও অভিযোগ কৰে। ‘কংগ্ৰেছে ইমানবোৰ মানুহৰ ধন আত্মসাৎ কৰি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰিছিল। কিন্তু আমাৰ চৰকাৰে সেই দৰিদ্ৰ লোকসকলৰ দুখ উপলব্ধি কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিছে।’-সোণোৱালৰ মন্তব্য।
The post চৰিত্ৰহীন আখ্যা দি মিত্ৰদল অগপক আক্ৰমণ মুখ্যমন্ত্ৰী সোণোৱালৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FLuOTg
via IFTTT
Comments
Post a Comment