৭০ টা সংগঠণৰ আন্দোলন ভেল্যুলেছঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
দলগাঁৱত মন্ত্ৰী চন্দ্ৰমোহনৰ নিৰ্বাচনী সভা , ৭০ টা সংগঠণৰ আন্দোলনক ভেল্যুলেছ আখ্যা
ইমদাদুল ইছলাম খাৰুপেটীয়াঃ দৰং জিলাৰ বিভিন্ন ঠাইৰ লগতে দলগাঁৱত হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ নিৰ্বাচনী প্ৰচাৰ। এজনৰ পিছত এজন হাই প্ৰফাইল নেতাই চলাইছে নিৰ্বাচনী প্ৰচাৰ। এ আই ইউ ডি চুপ্ৰীমো বদৰুদ্দিন আজমলৰ লগতে দলগাঁৱত দুদিন মূৰে মূৰে ৰকিবুলে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ শাসক দল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পিছত আজি দলগাঁৱত অসম চৰকাৰৰ উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্বাচনী সভা। সভাত ভাষণ প্ৰসংগত পাটোৱাৰীয়ে কয়- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ টাকৈ সংগঠনে আন্দোলন চলাইছে। এই সংগঠন সমূহৰ কোনো ভিত্তি নাই। এই আন্দোলন ভেল্যুলেছ। সংগঠনৰ সংখ্যা বঢ়াবলৈহে এই সংগঠণ সমূহৰ জন্ম হৈছে। জাতি, মাটি-ভেটিৰ দোহাই দি আন্দোলনত যোগ দিয়া কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফ, আমছু আৰু বাওঁপন্থী দলৰ স্থিতিকো তেওঁ ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ আৰু কয়- জাতি, মাটি-ভেটি ৰক্ষা কৰিবলৈ অসম চুক্তিৰ ৬ নং দফা ৰূপায়িত কৰিব লাগিব আৰু আমাৰ চৰকাৰ অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ বদ্ধপৰিকৰ। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত পৰ্বতসম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে।মই এই অঞ্চলৰ সকলোকে চিনি পাওঁ, পিছে দলগাঁৱৰ বিধায়ক কোন? দলগাঁৱৰ বিধায়ক কোন দলৰ, কংগ্ৰেছ নে এ আই ইউ ডি এফৰ? সভাত আহিহে মই গ’ম পালো যে দলগাঁৱৰ বিধায়ক ইলিয়াছ। ইলিয়াছ আলীয়ে ৰাইজৰ হৈ কাম নকৰা নাই। সেয়েহে, তেওঁক আমি চিনি নাপাওঁ। অত বছৰে শাসন কৰি কংগ্ৰেছে মহিলা সকলৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। আমি মহিলা সকলক নিৰাপত্তা দিছো। মহিলা সবলীকৰণৰ বাবে আত্ম সহায়ক গোটক ২৫ হাজাৰকৈ টকা দিছো। ৬০ বছৰৰ উৰ্ধৰ বৃদ্ধ-বৃদ্ধা সকলক পেঞ্চন দিছো। বলাৎকাৰী সকলক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে শাস্তিৰ বিধান কৰিছে। ঘোচ নিদিয়াকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছো। আগতে ইন্দিৰা আৱাস যোজনাৰ ধন আধাই জনপ্ৰতিনিধিৰ পকেটত সোমাইছিল। আমি সেইবোৰ বন্ধ কৰিলো। পাটোৱাৰীয়ে দলগাঁও -খাৰুপেটীয়াৰ কৃষকে উৎপাদন কৰা কৃষিজাত সামগ্ৰীৰ উচিত মূল্য দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি বিমানযোগে গুৱাহাটীৰ পৰা ইংলেণ্ড আৰু ডুবাইলৈ পঠোৱা হৈছে আৰু অতি শীঘ্ৰেই দক্ষিণ এছিয়াৰ ছটাকৈ দেশত ৰপ্তানি কৰা হব। পাটোৱাৰীয়ে নিজ দলৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰিৱৰ্তনৰ বাখ্যা কৰে সেৰেঙা সভাত|
The post ৭০ টা সংগঠণৰ আন্দোলন ভেল্যুলেছঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2SmWoaL
via IFTTT
Comments
Post a Comment