ভাৰতৰে সুসম্পৰ্ক গঢ়িবলৈ পাকিস্তান এখন ধৰ্মনিৰপেক্ষ দেশ হ’ব লাগিবঃ বিপিন ৰাৱাট

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পাকিস্তানক সকীয়নি দিয়ে ভাৰতীয় সেনা প্ৰমুখ জেনেৰেল বিপিন ৰাৱাটে। পাকিস্তানক সকীয়াই দি তেওঁ কয় যে, যদি ভাৰতৰ সৈতে সুসম্পৰ্ক ৰাখিব বিচাৰিছে তেন্তে পাকিস্তান ধৰ্মনিৰপেক্ষ হ’ব লাগিব।

লগতে তেওঁ কয় যে- ‘পাকিস্তানে নিজকে ইছলামী ধৰ্মাৱলম্বী লোকসকলৰ দেশ হিচাপে গঠন কৰিছে। যদি সঁচাকৈয়ে তেওঁলোকে ভাৰতৰ সৈতে সুসম্পৰ্ক গঢ়িব বিচাৰিছে তেন্তে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে নিজকে গঢ়িব লাগিব। ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। যদি আমাৰ দৰে ধৰ্মনিৰপেক্ষ হ’বলৈ বিচাৰে তেতিয়াহে দুই দেশৰ মাজত অধিক সুসম্পৰ্ক গঢ়ি উঠাবৰ সম্ভাৱনা আছে।’

লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৰা এক মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্তি কৰি ৰাৱাটে কয় যে- ‘পাকিস্তানে কৈছে যে, আপোনালোকে এখোজ আগবঢ়ালে আমি দুখোজ আগবঢ়াম। কিন্তু আমি নজৰ ৰাখিম যে, তেওঁলোকে দিয়া প্ৰতিটো খোজৰ ফলত ভাৰতৰ কোনো ধৰণৰ হানি হৈছে নেকি। আৰু তেতিয়ালৈকে আমাৰ কথা স্পষ্ট যে- সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে হ’ব নোৱাৰে।’

ইফালে, সেনাত মহিলাসকলৰ ভূমিকাৰ ক্ষেত্ৰতো মন্তব্য দিয়ে সেনা প্ৰমুখ জেনেৰেল গৰাকীয়ে। সশস্ত্ৰ বাহিনীত মহিলাৰ ভূমিকা দিনকদিনে বৃদ্ধি পাইছে। আগন্তুক দিনত মহিলাৰ ভূমিকা আৰু অধিক বৃদ্ধি পাব বুলি আমি আশাবাদী।

 

The post ভাৰতৰে সুসম্পৰ্ক গঢ়িবলৈ পাকিস্তান এখন ধৰ্মনিৰপেক্ষ দেশ হ’ব লাগিবঃ বিপিন ৰাৱাট appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rdN8dS
via IFTTT

Comments