৫ ডিচেম্বৰত চৰকাৰৰ ১৬ জিলা বন্ধ ঘোষণা

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে অহা ৫ ডিচেম্বৰত ৰাজ্যৰ ১৬খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰা এক অধিসূচনা অনুসৰি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ(গ্ৰাম্য) আৰু কামৰূপ (মহানগৰ) জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
সেই অনুসৰি উক্ত জিলা সমূহৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক, চাহ বাগিছা আৰু উদ্যোগ আদি বন্ধ থাকিব। ইয়াৰ লগতে ৰাজ্য চৰকাৰে মাৰ সম্প্ৰদায়ৰ ‘ছিকপুই ৰুৱই’ নামৰ কৃষি উৎসৱৰ বাবে ৫ ডিচেম্বৰত সংৰক্ষিত বন্ধ দিন হিচাপে ঘোষণা কৰিছে।
The post ৫ ডিচেম্বৰত চৰকাৰৰ ১৬ জিলা বন্ধ ঘোষণা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Rv7TwM
via IFTTT
Comments
Post a Comment