বৰ্তমানলৈ নিৰ্বাপন হোৱা নাই গোৱালপাৰাৰ অগ্নিকাণ্ড, জাহ যায় ৬.৫ কোটি টকাৰ মৰাপাট

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা সদৰ থানাৰ কাষত থকা ভাৰতীয় মৰাপাট ক্ৰয় কেন্দ্ৰৰ গুডামত বৃহস্পতিবাৰৰ পুৱতি নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত চৰকাৰী গুডাম ঘৰটোত মজুত থকা কেইবা কোটি টকাৰ মৰাপাট জুইত ভস্মীভূত হয়। অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ নিচেই ওচৰত থকা গোৱালপাৰা অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে নিশা প্ৰায় দুই-আঢ়ৈমান বজাত স্থানীয় প্ৰত্যক্ষদৰ্শী একাংশ লোকে অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়লৈ আহি মৰাপাটৰ গুডাম ঘৰত জুই জ্বলি থকা বুলি খবৰ দিয়ে।

গোৱালপাৰা অগ্নি নিৰ্বাপক বাহিনীৰ ১৮ জনীয়া বৃহৎ দলে ততালিকে জৰুৰীকালীন সংকেত বজাই সদৰ আৰক্ষীৰ সহযোগত চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। কিন্তু দাউদাউকৈ জ্বলি থকা ভয়ংকৰ জুয়ে সেই সময়লৈ বৃহৎ পৰিমানৰ মৰাপাট মজুত থকা বৃহৎ চৰকাৰী গুডাম ঘৰটো গ্ৰাস কৰে। স্থানীয় ফায়াৰ ফাইটাৰসকলে চাৰিখন গাড়ীৰে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে অপ্ৰাণ চেষ্টা কৰে যদিও বিফল হয়।

অৱশেষত পুৱতি নিশা এই জুয়ে ভয়ানক ৰূপ লোৱাত দুধনৈ, লক্ষীপুৰৰ পৰা দুখন আৰু বঙাইগাঁও জিলাৰ পৰা তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আনি জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও গুডাম ঘৰৰ ভিতৰত বৃহস্পতিবাৰৰ বিয়লি বাতৰি যুগুত কৰা সময়লৈ জুই দাউদাউকৈ জ্বলি থাকে। অৱশ্যে এই জুইয়ে নিচেই কাষত থকা মৰাপাট বিক্ৰী কেন্দ্ৰৰ কাৰ্যালয়লৈ যাতে বিয়পি নাযায় তাৰ বাবে  ফায়াৰ ফাইটাৰসকলে সস্তম হৈ পৰে। সৌভাগ্য ক্ৰমে গুডাম ঘৰটোৰ পৰা জনবসতি কিছু আতৰত থকা বাবে অঞ্চলটো ৰক্ষা পৰে।

জুই নিৰ্বাপনত ব্যৱহৃত মুঠ ৯খন গাড়ীয়ে পাঁচ কিলোমিটাৰ দূৰত্বত থকা চহৰৰ কছাৰীঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী আনি পুৱতি নিশাৰে পৰা গুডাম ঘৰৰ ভিতৰৰ জুই নিৰ্বাপিত কৰিবলৈ অহৰহ প্ৰচেষ্ট চলাই। এই অগ্নিকাণ্ডত ৬.৫ কোটি টকাৰ মৰাপাট জুইত ভস্মীভূত হৈছে বুলি অনুমান কৰা হৈছে। কোনো দুৰ্বৃত্তই মৰাপাটৰ গুডাম ঘৰটোত নিশা অগ্নি সংযোগ কৰা বুলি সন্দেহ কৰা হৈছে যদিও এই অগ্নিকাণ্ডক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।

The post বৰ্তমানলৈ নিৰ্বাপন হোৱা নাই গোৱালপাৰাৰ অগ্নিকাণ্ড, জাহ যায় ৬.৫ কোটি টকাৰ মৰাপাট appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BFNPmf
via IFTTT

Comments