চেন্নাইত এছএম চন্দ্ৰমোহন এণ্ডাৰ্ছন বক্তৃতা অনুষ্ঠানত ডাঃ সুভাষ খান্না

ডিজিটেল সংবাদ, গুৱাহাটীঃ চেন্নাইত অনুষ্ঠিত এছ এম চন্দ্ৰমোহন এণ্ডাৰ্ছন বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰে অধ্যাপক তথা অসমৰ আগশাৰীৰ চিকিৎসক ডাঃ সুভাষ খান্নাই। চেন্নাইৰ শ্ৰীৰামচন্দ্ৰ উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত এই বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে।
ভাৰতৰ এছ’চিয়েশ্যন অৱ ছাৰ্জনৰ চেন্নাই শাখাৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই অনুষ্ঠান। অসমৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ তথা অধ্যাপক খান্নাই বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে এছ ভিট্টাল, অধ্যাপক জি ভি ৰাও, ডাঃ এইচ ৰমেশকে আদি কৰি দেশৰ কেবাগৰাকী বিশিষ্ট চিকিৎসকে উক্ত বক্তৃতানুষ্ঠানত বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি আহিছে।
The post চেন্নাইত এছএম চন্দ্ৰমোহন এণ্ডাৰ্ছন বক্তৃতা অনুষ্ঠানত ডাঃ সুভাষ খান্না appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KK4Tdx
via IFTTT
Comments
Post a Comment